বড়োভূমিৰ আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচন
ওদালগুৰি, ২২ ছেপ্তেম্বৰ (হি.স.)। বড়োভূমিত আজি বহুল প্রতীক্ষিত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে উদ্দীপনা দেখা গৈছে সমগ্ৰ অঞ্চল জুৰি। ওদালগুৰি জিলাৰ অন্তৰ্গত ৩৫ নং মূদৈবড়ী পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে। ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থ
বড়োভূমিৰ আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচন


ওদালগুৰি, ২২ ছেপ্তেম্বৰ (হি.স.)। বড়োভূমিত আজি বহুল প্রতীক্ষিত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে উদ্দীপনা দেখা গৈছে সমগ্ৰ অঞ্চল জুৰি। ওদালগুৰি জিলাৰ অন্তৰ্গত ৩৫ নং মূদৈবড়ী পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে।

ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী ৰমেশ হাজৰিকাই আজি পুৱা প্ৰথম প্ৰহৰে নিজ ভোটাধিকাৰ প্ৰয়োগ কৰে। তেওঁ ১ নং চিন্তাগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হৈ সৰ্বপ্রথমে ভোটদান কৰে। ৰমেশ হাজৰিকাই ভোট প্রদান কৰাৰ পিছত স্থানীয় ৰাইজক আহ্বান জনাই কয়, “শান্তি-শৃঙ্খলা বজাই ৰাখি প্রত্যেকে নিজ ভোটাধিকাৰ প্ৰয়োগ কৰক।”প্ৰথম পৰ্যায়ৰ পৰা ভোটাৰসকলে উৎসাহেৰে কেন্দ্ৰসমূহলৈ আগবাঢ়ি অহা দেখা গ’ল। নিৰ্বাচন প্ৰক্ৰিয়া সুষ্ঠুভাৱে সম্পন্ন হোৱাত প্রশাসন আৰু সুৰক্ষা বাহিনী কঠোৰ নজৰ ৰাখিছে।আজিৰ এই নিৰ্বাচনে মূদৈবড়ী সমষ্টিৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি স্থানীয় ৰাইজৰ অভিমত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande