কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ।পৰ্বতঝোৰাত পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোট দান প্ৰক্ৰিয়া।পূৱাৰ ভাগৰ পৰাই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ সকলে।
১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মই ১২১৬ নং নাইগাঁও এলপি স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে এইবাৰ ইউপিপিএলৰ নিশ্চয় জয় হব।লগতে প্ৰতিজন ৰাইজলৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ