কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। বিটিচিৰ পাঁচখন জিলাৰ ৪০ টা সমষ্টিত আজি পুৱাৰ পৰাই আৰম্ভ হয় ভোট গ্ৰহণ। বিটিচিৰ পঞ্চম সংখ্যক ভোট গ্ৰহণ।
বিটিচিৰ অন্যান্য জিলাৰ দৰে গোসাঁইগাঁও মহকুমাৰ অধীনত পাঁচটা পৰিষদীয় সমষ্টি আছে। পাঁচটা সমষ্টিত সৰ্বমুঠ ২,৭৫,২৮০ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব৷সংগৃহীত তথ্য মতে গুমা সমষ্টিত ৬৩,২৯৫ গৰাকী, ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিত ৪৭,২৭৫ গৰাকী, ৪ নম্বৰ যমদুৱাৰত ৪৭,৮৪৬ গৰাকী, ৫ নম্বৰ শৰাইবিলত ৫৮,৩৬২ গৰাকী আৰু ৬ নম্বৰ কচুগাঁও সমষ্টিত ৫৭,৪৬৩ গৰাকী ভোটাৰ আছে।
২ নং গুমা সমষ্টিত ৭৭টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷একেদৰে ৩ শ্ৰীৰামপুৰ সমষ্টিত ৫৯টা, ৪ নং যমদুৱাৰত ৬৬টা, ৫ নং শৰাইবিল সমষ্টিত ৭৪টা আৰু ৬ নং কচুগাঁও জনজাতি সংৰক্ষিত সমষ্টিত ৮১টা ভোটগ্ৰহন কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ