কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। অনিশ্চিয়তাত তিনি নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ শ শ ভোটাৰ। নিজৰ ভোট কেন্দ্ৰৰ পৰা নাম কাটি অইন পৰিষদীয় সমষ্টিত অন্তৰ্ভুক্ত হোৱাত বিপাঙত ভোটাৰ। একাংশ আদিবাসী মহিলা ভোটাৰৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। সমান্তৰাল ভাৱে ৭২২ নং লতামাৰী এল পি স্কুলত ৯৯ গৰাকী ভোটাৰৰ ক্ষেত্ৰতো সংঘটিত হৈছে এই ঘটনা। তিনি নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোট কেন্দ্ৰটোৰ পৰা ৯৯ গৰাকী মহিলা ভোটাৰৰ নাম কৰ্তন কৰি অন্তৰ্ভুক্ত হৈছিল দুই নং গুমা সমষ্টিৰ শিলপুৰ ভোট কেন্দ্ৰত ।
ভোটাৰ তালিকাত নিজৰ নাম বিচাৰি নাপাই হাহাকাৰ লাগে ভোটাৰৰ মাজত। পিছত গম পাই শিলপুৰ ভোট কেন্দ্ৰত ভোট দিবলৈ যায় যদিওঁ এয়া নেতাৰ চক্ৰান্ত বুলি ভাবি উভতি আহে। ইপিনে উক্ত মহিলা সকলৰ অভিভাৱক তথা স্বামীয়ে ভোটদান কৰিছে শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ লতামাৰী ভোট কেন্দ্ৰত। পূৰ্বৰ পৰাই এইসকল বঞ্চিত ভোটাৰে ভোটদান কৰি আহিছে লতামাৰী ভোট কেন্দ্ৰত। গুমা সমষ্টিৰ জয়লাভ হোৱাৰ আশাৰে প্ৰাৰ্থীয়ে শ্ৰীৰামপুৰৰ ভোটাৰৰ নাম কৰ্তন কৰি গুমালৈ নিয়াৰ অভিযোগ।
অকল লতামাৰীয়ে নহয় সমগ্ৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা কেইবা সহস্ৰাধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে গুমা সমষ্টিত। ভোট দিব নোৱাৰি হাহকাৰ ভোটাৰ ৰাইজ। এয়া কাৰ ষড়যন্ত্র এয়া এক ডাঙৰ প্ৰশ্ন। বিজেপিৰ চলন্ত ভোটৰ বিষয়ে কংগ্ৰেছে অভিযোগ কৰি অহা সত্য নেকি, এই ঘটনাই কি বুজাইছে?
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ