বিটিচিৰ পৰিষদীয় নিৰ্বাচনত শাৰী পাতি ভোটদান কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
তামুলপুৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ ৫নং সুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোট কেন্দ্ৰত ভোট দান কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । পুৱা ৭:৩০ বজাৰ পৰা অনুষ্ঠিত ভোট কেন্দ্ৰটোত উপস্থিত হৈ শাৰিপাতি পত্নী আৰু দুই ক
বিটিচিৰ পৰিষদীয় নিৰ্বাচনত শাৰী পাতি ভোটদান কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে


তামুলপুৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ ৫নং সুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোট কেন্দ্ৰত ভোট দান কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । পুৱা ৭:৩০ বজাৰ পৰা অনুষ্ঠিত ভোট কেন্দ্ৰটোত উপস্থিত হৈ শাৰিপাতি পত্নী আৰু দুই কন্যাৰ সৈতে ভোটদান কৰে অধ্যক্ষ দৈমাৰীয়ে ।

পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰি অধ্যক্ষ দৈমাৰীয়ে কয় যে তেওঁৰ দুই কন্যাই এইবাৰ প্ৰথমবাৰ ভোট দিছে আৰু পৰিয়ালৰ সৈতে ভোট দি ভাল লাগিছে। সকলোৱে আহি ভোট দিব লাগে। ভোট দিয়াটো নাগৰিকৰ অধিকাৰে নহয় এটা দায়িত্বও। দেশ সুচাৰুৰূপে পৰিচালনা কৰাৰ প্ৰক্ৰিয়া এইটোৱে। গতিকে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যোৱা লোকসকলেও শ্ৰদ্ধাঞ্জলি জনাই আহি ভোট দিব লাগে।ইপিনে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভতো অধ্যক্ষ দৈমাৰীয়ে মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande