কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। দুই নং গুমা পৰিষদীয় সমষ্টিত ভোট গ্ৰহণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।সমষ্টটোৰ ১৭৫৭ নং কুৰ্শাকাটী ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।অচিনাকি ভোটাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।ভোট কেন্দ্ৰটোত দুপৰীয়াৰ ভাগত উপস্থিত হয় অৰ্ধ শতাধিক নতুন ভোটাৰ।অচিনাকি ভোটাৰক স্থানীয় লোকে ভোট প্ৰদানত বাধা।
ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।ভোট কেন্দ্ৰটোত মোতায়ন আৰক্ষী অৰ্ধ সামৰিক বাহিনী।ভোট কেন্দ্ৰটোৰ অন্তৰ্গত ভোটাৰ তালিকাৰ একাংশ ঘৰ নম্বৰত অন্তুৰ্ভুক্ত হয় অচিনাকি ভোটাৰৰ নাম ।নিজৰ ঘৰ নম্বৰত অচিনাকী ভোটাৰৰ নাম দেখা পাই ক্ষোভিত ৰাইজ।ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰটোত বিৰাজ কৰিছে চেপা উত্তেজনা ।অকল এই ভোট কেন্দ্ৰ্ই নহয় দুই নং গুমা পৰিষদিয় সমষ্টিৰ একাংশ ভোট কেন্দ্ৰৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে অচিনাকি ভোটাৰৰ নাম।প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ