কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি আজি হঠাতে উত্তপ্ত হৈ পৰে গোসাঁইগাঁও সদৰ চহৰ৷ ইউপিপিএল আৰু বিপিএফৰ মাজত তীব্ৰ সংঘাত৷গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰৰ মাজমজিয়াৰ শিশু কল্যাণ এল পি স্কুলত ভোটদান চলি থকাৰ সময়তে ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীৰ লগতে কিছু সাংগ পাংগই কেন্দ্ৰত উপস্থিত হৈ ভোট কেন্দ্ৰৰ কাষতে ৰৈ থকা বিপিএফৰ সমৰ্থকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়৷
ইয়াৰ মাজতে প্ৰাৰ্থীৰ লগত যোৱা যুৱকৰ দলটোৱে নয়ন চৌধুৰী, ব্যৱসায়ী ৰাজু শৰ্মা আৰু আন একাংশ লোকক প্ৰহাৰ কৰাত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয়৷যুৱকৰ দলটোৰ প্ৰহাৰত নাকে-মুখেদি ৰক্তক্ষৰণ হোৱাত পৰিস্থিতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷এই ঘটনা সম্প্ৰচাৰিত হোৱাৰ পিছতে মহকুমা আৰক্ষী বিষয়া, সহকাৰী আয়ুক্তৰ উপৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ