ছত্তীশগড়ৰ নাৰায়ণপুৰত আবুঝমাদৰ এনকাউণ্টাৰত নিহত দুই ইউনিফৰ্ম পৰিহিত পুৰুষ নক্সালবাদী
জগদালপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। ছত্তীশগড় জিলাৰ নাৰায়ণপুৰৰ আবুঝ্মাদ অঞ্চলত সোমবাৰে পুৱা সংঘটিত হোৱা এক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে দুজন ইউনিফৰ্ম পৰিহিত নক্সালবাদীক হত্যা কৰে। এই পৰ্যন্ত দুজন নক্সালবাদীৰ মৃতদেহ তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ ক
मुठभेड़ की फाईल फाेटाे


জগদালপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। ছত্তীশগড় জিলাৰ নাৰায়ণপুৰৰ আবুঝ্মাদ অঞ্চলত সোমবাৰে পুৱা সংঘটিত হোৱা এক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে দুজন ইউনিফৰ্ম পৰিহিত নক্সালবাদীক হত্যা কৰে। এই পৰ্যন্ত দুজন নক্সালবাদীৰ মৃতদেহ তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ কৰা হৈছে।

ঘটনাস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা এ কে-৪৭ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী, নক্সালবাদী সাহিত্য, অপপ্ৰচাৰ সামগ্ৰী, দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী উদ্ধাৰ কৰে।

বাষ্টাৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে নিশ্চিত কৰে যে মহাৰাষ্ট্ৰ-চত্তীশগড় সীমান্তৰ নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদ অঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই তালাচী অভিযান আৰম্ভ কৰিছে। এই এনকাউণ্টাৰ ছাইটৰ পৰা এই পৰ্যন্ত দুজন পুৰুষ নক্সালবাদীৰ মৃতদেহ আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। নিহত নক্সালবাদী কেডাৰ দুজনৰ মৃতদেহ চিনাক্তকৰণৰ অভিযান অব্যাহত আছে।

তেওঁ কয় যে এনকাউণ্টাৰ স্থানৰ পৰা এটা এ কে-৪৭ ৰাইফল আৰু অন্যান্য অস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী, নক্সাল সাহিত্য, অপপ্ৰচাৰৰ সামগ্ৰী, আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এতিয়াও অব্যাহত আছে এই অনুসন্ধান অভিযান। অপাৰেচন সম্পূৰ্ণ হোৱাৰ পিছত পৃথকে পৃথকে বিতং প্ৰতিবেদন প্ৰকাশ কৰা হ’ব।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande