চিপিএল ২০২৫ : ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ পঞ্চমবাৰৰ বাবে গিয়ানাক ৩ উইকেটত পৰাস্ত কৰি খিতাপ দখল
নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (চিপিএল) ২০২৫ৰ ফাইনেলত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে গিয়ানা আমাজন ৱাৰিয়ৰ্ছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে। গিয়ানাত খেলা ফাইনেলত ট্ৰিনবাগোৱে ৱাৰিয়ৰ্ছক তিনিটা উইকেটত
(फोटो ट्रिनभागो नाइट राइडर्स सोशल मीडिया एक अकाउंट)


নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (চিপিএল) ২০২৫ৰ ফাইনেলত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে গিয়ানা আমাজন ৱাৰিয়ৰ্ছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে। গিয়ানাত খেলা ফাইনেলত ট্ৰিনবাগোৱে ৱাৰিয়ৰ্ছক তিনিটা উইকেটত পৰাস্ত কৰে। এইটোৱেই আছিল ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ ষষ্ঠবাৰৰ বাবে ফাইনেলত অংশগ্ৰহণ আৰু একেৰাহে পাঁচটা জয়। ইয়াৰ পূৰ্বে ২০১৫, ২০১৭, ২০১৮, আৰু ২০২০ চনত ট্ৰফী লাভ কৰিছিল।

গায়ানাৰ লেহেমীয়া আৰম্ভণি, ইনিংছ ১৩০ ৰানত সীমাবদ্ধ

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱা গিয়ানা আমাজন ৱাৰিয়ৰ্ছে আবণ্টিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৩০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ইফতিখাৰ আহমেদে সৰ্বাধিক স্ক’ৰ কৰি ২৭টা বলত ৩০ ৰান সংগ্ৰহ কৰে। বেন মেকডাৰমটে ১৭টা বলত ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ড্ৱেইন প্ৰিট’ৰিয়াছে ১৮টা বলত ২৫ ৰান সংগ্ৰহ কৰে। ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ হৈ সৌৰভ নেত্ৰভালকাৰে ৩টা উইকেট দখল কৰি সৰ্বাধিক সফল বলাৰ। আকিল হুছেইনে ৪ অভাৰত ২৬ ৰানত ২ উইকেট দখল কৰে।

ট্ৰিনবাগোৰ সহজ জয়

লক্ষ্যৰ খেদি খেদি ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে ১৮ অভাৰত ৭ উইকেটত ১৩৩ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে। দলটোৰ হৈ এলেক্স হেলেছে সৰ্বাধিক ৰান সংগ্ৰহ কৰি ৩৪টা বলত ২৬ ৰান সংগ্ৰহ কৰে। কলিন মুনৰোৱে ২৩ ৰান, সুনীল নাৰিনে ২২ ৰান, কিয়ৰন পোলাৰ্ডে ২১ ৰান, আৰু আকিল হুছেইনে ৭ বলত অপৰাজিত ১৬ ৰান সংগ্ৰহ কৰে।

আকিল হুছেইনক ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হৈছে

ফাইনেলত অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে আকিল হুছেইনক ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ কেৱল নিজৰ বলিঙৰ জৰিয়তে দুটা উইকেট লোৱাই নহয়, হেঁচাত পৰি ৭টা বলত ১৬ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande