নগাঁও, ২২ ছেপ্টেম্বৰ (হি.স.)। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ কৰি তুলিছে প্ৰতিজন অসমীয়াক। আজি ধিঙৰ খ্ৰিস্টজ্যোতি বিদ্যালয়ত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি।
জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিদ্যালয় খনৰ ছাত্র-ছাত্ৰীয়ে জুবিনৰ গীত মাত আৰু ৰং তুলিকাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে ধিঙৰ খ্ৰিস্টজ্যোতি বিদ্যালয়ে।
লগতে ধিং খ্ৰিস্টজ্যোতি বিদ্যালয়ৰ এল কে জি শ্ৰেণীৰ ৫ বছৰীয়া পল্বিত শইকীয়াৰ কন্ঠত জুবিন গাৰ্গৰ মায়াবিনী গীতত আপ্লুত সকলো।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু