বিটিআৰবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন প্ৰদেশ বিজেপিৰ
গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)।বিটিআৰবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰদেশ বিজেপিয়ে। যি সময়ত জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ আছে, সেই সময়তে আজি বিটিআৰত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছে। জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ ৰাজ
বিটিআৰবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন প্ৰদেশ বিজেপিৰ


গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)।বিটিআৰবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰদেশ বিজেপিয়ে। যি সময়ত জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ আছে, সেই সময়তে আজি বিটিআৰত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছে। জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ ৰাজ্যৰ লগতে বিটিআৰবাসীও শোকস্তব্ধ হৈ আছে। তত সত্বেও, গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই হৃদয়ত এবুকু বেদনা লৈ বিটিআৰ বাসীয়ে অতি শান্তিপূৰ্ণ ভাৱে ভোটদান কৰিবলৈ ওলাই আহিছে। আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ কয় যে বিটিআৰবাসীয়ে এইবাৰ উৎসৱ মুখৰ পৰিৱৰ্তে এক গোমা পৰিৱেশৰ মাজতে অতি শান্তিপূৰ্ণ ভাৱে যেন নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ মাজেদিয়েই জুবিন গাৰ্গলৈ তেখেতসকলৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলে। বিটিআৰবাসীয়ে দেখুওৱা এই সংযম আৰু মূল্যবোধৰ প্ৰতি বিজেপি অসম প্ৰদেশে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। বিজেপি অসম প্ৰদেশে কামনা কৰে বিটিআৰবাসীয়ে দেখুওৱা এই গণতান্ত্ৰিক সচেতনতা আৰু মূল্যবোধ আগতে সময়ছোৱাত সমগ্ৰ অসমৰ জনসাধাৰণে অনুকৰণ কৰিব। দলে লগতে ভৱিষ্যতলৈও বিটিআৰবাসীৰ লগতে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণে এইধৰণৰ গণতান্ত্ৰিক মূল্যবোধেৰে আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে আজি বিটিআৰত অনুষ্ঠিত হোৱা পৰিষদীয় নিৰ্বাচনত মুঠ ৪০ খন আসনৰ ভিতৰত বিজেপিয়ে ৩০ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৰ ভিতৰত ওদালগুৰি জিলাত ৭ খন, তামুলপুৰত ৫ খন, বাক্সাত ৫ খন, চিৰাঙত ৪ খন আৰু কোকৰাঝাৰ জিলাত সৰ্বাধিক ৯ খন আসনত বিজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াইছে। জিলা কেইখনৰ দায়িত্বত থকা দলীয় তত্বাৱধায়ক সকলে জানিব দিয়া অনুসৰি সকলো ঠাইতে ভোটদান শান্তিপূৰ্ণ হৈছে আৰু বিজেপি দলে সৰ্বাধিক আসনত জয় লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

মন কৰিবলগীয়া যে, ভোটদানৰ সমান্তৰালকৈ আজি বিটিআৰ এলেকাৰ কিছু সংখ্যক ভোটকন্দ্ৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৃক্ষ ৰোপনৰ যি ব্যতিক্ৰমী কাৰ্য্যসূচী গ্ৰহণ কৰিছে সিয়ো ৰাজ্যখনৰ গণতন্ত্ৰপ্ৰেমী জনসাধাৰণৰ বাবে এক অননুকৰণীয় আদৰ্শ বুলি বিজেপি দলে অভিহিত কৰিছে। দলে আশা কৰিছে বিটিআৰৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত তাৰ ৰাইজে এইবাৰ একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিক ক্ষমতাত অধিস্থিত কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande