শ্ৰীভুমি, ২২ ছেপ্তেম্বৰ (হি.স.)। শ্ৰীভুমিৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়িত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট। এখন বিলাসী ইগনিছ বাহনেৰে ত্ৰিপুৰালৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত অসম-ত্রিপুৰা সীমান্তৰ চুৰাইবাৰী আৰক্ষীৰ হাতত বিলাসী বাহনৰ পৰা প্ৰায় আঢ়ৈ কোটি টকাৰ মূল্যৰ ইয়াবা টেবলেট জব্দ হয়। বাহনৰ গোপন চেম্বাৰত ৰখা আছিল টেবলেটখিনি।
গোপন সুত্ৰৰ ভিত্তিত এম জেদ ০১ এ এ ৪৫২৪ নম্বৰৰ বাহনখনত তল্লাচি চলাই আৰক্ষীয়ে ৫০,০০০ ইয়াবা টেবলেট জব্দ কৰে। যাৰ আনুমানিক কলা বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা। ঘটনাত আটক কৰা হয় ৰাতাবাৰীৰ ৰাজীব উদ্দিন আৰু পাথাৰকান্দিৰ দিলৱাৰ হুছেইন নামক দুজন সৰবৰাহকাৰীক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুইজনৰ বিৰুদ্ধে এন ডি পি এছ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। মঙলবাৰে আটক কৰা দুজনক জিলা চিজিএম আদালতত চমজাই দিয়া হব। উল্লেখ্য মিজোৰামৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰি ত্ৰিপুৰালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল চোৰাংচোৱাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ