শ্যাম লাল কলেজৰ বি আই টি এছ পিলানী হকী টুৰ্ণামেণ্টৰ খিতাপ দখল
নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। দিল্লী বিশ্ববিদ্যালয়ৰ শ্যাম লাল কলেজে ফাইনেলত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চক ৫-০ গ’লত পৰাস্ত কৰি বি আই টি এছ পিলানী হকী প্ৰতিযোগিতাত জয়লাভ কৰে। বিজয়ী দলটোৱে লাভ কৰে ২৫ হাজাৰ টকাৰ পুৰস্কাৰ। ৰানাৰ্ছ আপ শ্ৰী ৰাম কলেজ অৱ
श्याम लाल कॉलेज की टीम बिट्स पिलानी हॉकी टूर्नामेंट का खिताब जीतने के बाद ट्रॉफी के साथ।


নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। দিল্লী বিশ্ববিদ্যালয়ৰ শ্যাম লাল কলেজে ফাইনেলত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চক ৫-০ গ’লত পৰাস্ত কৰি বি আই টি এছ পিলানী হকী প্ৰতিযোগিতাত জয়লাভ কৰে। বিজয়ী দলটোৱে লাভ কৰে ২৫ হাজাৰ টকাৰ পুৰস্কাৰ। ৰানাৰ্ছ আপ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চে ১০ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰে।

ৰাজস্থানৰ বি আই টি এছ পিলানী খেলপথাৰত খেলা ফাইনেলত শ্যাম লাল কলেজৰ হৈ নন্দকিশোৰে দুটাকৈ গ’ল দিয়াৰ বিপৰীতে প্ৰত্যুষ সিং জাগী, অভিষেক, আৰু হৰ্ষ শৰ্মাই এটাকৈ গ’ল দিয়ে। একেখন প্ৰতিযোগিতাতে হন্সৰাজ কলেজে আয়োজক বি আই টি এছ পিলানীক ৬-৫ গ’লত পৰাস্ত কৰি টাইব্ৰেকাৰত তৃতীয় স্থান দখল কৰে। হন্সৰাজ কলেজ আৰু বি আই টি এছ পিলানীৰ মাজত হোৱা খেলখনত এটাকৈ গ’লত সমতা স্থাপন হয়। হন্সৰাজ কলেজৰ হৈ ৰবিৰাজে এটা গ’ল আৰু বিআইটিএছ পিলানীৰ হৈ অংকিতে এটা গ’ল দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande