গোৱালপাৰা, ২২ ছেপ্তেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ভালুকমাৰি গাঁৱত বিদ্যুৎপৃষ্ট হৈ এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যুৰ ঘটনায় অঞ্চল জুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে। মৃত ছাত্ৰ জন ভালুকমাৰি গাঁৱৰ শ্বাহজামাল শ্বেখৰ পুত্ৰ জামিৰুল শ্বেখ (১১ বছৰ) বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত স্থানীয় সূত্রে জনোৱা অনুসৰি, ঘৰৰ কাষৰে চুবুৰীয়া এজনৰ ঘৰৰ টিংৰ চালিত সংযোগ হৈ থকা বিদ্যুৎতপৃষ্ঠ হোৱাৰ লগে লগেই ঘটনাস্থলীত মৃত্যু হয় জামিৰুল শ্বেখ নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জনৰ ।
পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল । ঘটনা সন্দৰ্ভত জলেশ্বৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভূক্তভোগী পৰিয়ালৰ লোকে। ঘটনাৰ উচিত তদন্ত মৰ্মে দোষীক শান্তিৰ দাবী জনাইছে পৰিয়াল লোকে। পৰিয়ালৰ দাবী অনুসৰি—চুবুৰীয়া এজনৰ চৰম গাফিলতিত উন্মুক্ত বিদ্যুৎ তাৰত মৃত্যুবৰণ কৰিব লগীয়া হৈছে তেওঁলোকৰ একমাত্ৰ সন্তান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ