সৌৰভ গাংগুলী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব বংগ ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি ! আজি সিদ্ধান্ত
কলকাতা, ২২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল (চিবিএ)ৰ সভাপতি পদলৈ বিনা প্ৰতিদ্বন্দ্বিতাত ঘূৰি আহিব। সোমবাৰে ইয়াত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সাধাৰণ সভ
सौरव गांगुली


কলকাতা, ২২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল (চিবিএ)ৰ সভাপতি পদলৈ বিনা প্ৰতিদ্বন্দ্বিতাত ঘূৰি আহিব। সোমবাৰে ইয়াত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সাধাৰণ সভাত গাংগুলীৰ নেতৃত্বত গঠিত সমগ্ৰ পেনেলটো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব। অৱশ্যে তেওঁৰ দ্বিতীয়টো কাৰ্যকাল পূৰ্বতকৈ অধিক প্ৰত্যাহ্বানজনক হ’ব বুলি আশা কৰা হৈছে, কিয়নো যোৱা কেইমাহমানৰ পৰা সংস্থাটোৱে বিত্তীয় অনিয়ম আৰু বিশ্বাসযোগ্যতাৰ সমস্যাৰ সৈতে যুঁজি আহিছে।

গাংগুলীৰ সৈতে সম্পাদক হিচাপে বাবলু কোলাই, যুটীয়া সম্পাদক হিচাপে মদন মোহন ঘোষ, কোষাধ্যক্ষ হিচাপে সঞ্জয় দাস, উপ-সভাপতি হিচাপে অনু দত্ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব। লোধা সমিতিৰ পৰামৰ্শ অনুসৰি ছবছৰৰ সীমা অতিক্ৰম কৰাৰ বাবে পদত্যাগ কৰিবলগীয়া হোৱা জ্যেষ্ঠ ভাতৃ স্নেহাশিশ গাংগুলীৰ ঠাইত গাংগুলীয়ে স্থান লাভ কৰিব।

শেহতীয়াকৈ চিএবি ভাবমূর্তি বিতর্কৰ দ্বাৰা প্রভাৱিত হৈছে৷ বিত্ত সমিতিৰ সদস্য সুব্ৰত সাহাক স্বাৰ্থৰ সংঘাতৰ দোষী সাব্যস্ত হোৱাৰ পিছত ২ লাখ ₹ জৰিমনা বিহা হয় আৰু সকলো উপ-সমিতিৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হয়। আগষ্ট মাহত আৰ্থিক অনিয়মৰ বাবে যুটীয়া সম্পাদক দেৱব্ৰত দাসক ছমাহৰ বাবে নিলম্বন কৰা হৈছিল।

মনোনয়ন দাখিল কৰাৰ পিছত গাংগুলীয়ে কয় যে, প্ৰতিটো সংস্থাই সমস্যাৰ সন্মুখীন হয়। ভৱিষ্যতে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে সেইবোৰ উপযুক্তভাৱে সমাধান কৰা হ'ব। তেওঁ কয় যে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ বাবে তেওঁৰ অগ্ৰাধিকাৰসমূহ হ’ল ৰঞ্জি ট্ৰফী দলটোক শক্তিশালী কৰা, বেংগল প্ৰ’ টি-২০ লীগক আগুৱাই নিয়া, মহিলা ক্ৰিকেটৰ প্ৰচাৰ, আৰু তৃণমূল পৰ্যায়ৰ আন্তঃগাঁথনি গঢ়ি তোলা।

গাংগুলীৰ প্ৰথমটো ডাঙৰ দায়িত্ব হ’ব ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ইডেন গাৰ্ডেনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখন আয়োজন কৰা। এই ঐতিহাসিক খেলপথাৰখনত ২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে পিংক বল টেষ্টৰ পিছত প্ৰথমবাৰৰ বাবে টেষ্ট মেচৰ সাক্ষী হ’ব। ইয়াৰ লগতে অহা বছৰৰ টি-২০ বিশ্বকাপৰ নকআউট মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

গাংগুলীয়ে ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভাত চিএবিক প্ৰতিনিধিত্ব কৰিব । ইফালে বিচিচিআইয়েও নতুন সভাপতি নিৰ্বাচন কৰিবলৈ সাজু হৈছে আৰু গাংগুলীৰ ভূমিকা পুনৰবাৰ গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে।

প্ৰশাসনিক দায়িত্ব আৰু প্ৰশিক্ষকৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব গাংগুলীয়ে। ডিচেম্বৰৰ পৰা জানুৱাৰীলৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া এছ এ২০ লীগত প্ৰিট’ৰিয়া কেপিটেলছৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে।

উল্লেখযোগ্য যে আজি অনুষ্ঠিত হ’বলগীয়া চিএবিৰ সভাপতি নিৰ্বাচনৰ বাবে গাংগুলীৰ বিৰুদ্ধে সভাপতি পদৰ বাবে হওক বা তেওঁৰ পেনেলৰ আন কোনো পদৰ বাবে কোনেও প্ৰাৰ্থীত্ব দাখিল কৰা নাই। সেয়ে তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande