নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত ঘৰুৱা শ্বেয়াৰ বজাৰত নিম্ন স্তৰৰ পৰা উভতি অহা যেন দেখা গৈছে। ব্যৱসায়ৰ আৰম্ভণি যথেষ্ট হ্ৰাসৰ সৈতে হৈছিল। কিন্তু বজাৰ মুকলি হোৱাৰ পিছত ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকৰ গতিবিধিৰ উন্নতি ঘটিল। পুৱা ১০ বজালৈকে চেন্সেক্সৰ ব্যৱসায় ০.১১ শতাংশ আৰু নিফটিৰ ব্যৱসায় ০.০৩ শতাংশ হ্ৰাস পাইছিল।
শ্বেয়াৰ বজাৰৰ হেভিৱেট কোম্পানীসমূহৰ ভিতৰত এছ বি আই লাইফ ইনশ্বুৰেন্স, হিৰো মট’কৰ্প, ট্ৰেণ্ট লিমিটেড, বাজাজ ফাইনেন্স, আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াই ১.৯৫ শতাংশৰ পৰা ০.৫৯ শতাংশলৈকে লাভৰ সৈতে ব্যৱসায় কৰিছিল। আনহাতে, টেক মহিন্দ্ৰা, এইচচিএল টেকন’লজিছ, টিচিএছ, এপ’ল’ হাস্পতাল, আৰু ডাঃ ৰেড্ডীজ লেবৰেটৰীত ৪.০১ শতাংশৰ পৰা ০.৭৯ শতাংশলৈকে হ্ৰাসৰ ব্যৱসায় চলি আছিল।
এতিয়ালৈকে ২১৩৯টা ষ্টকে শ্বেয়াৰ বজাৰত সক্ৰিয়ভাৱে ব্যৱসায় কৰি আছিল। ইয়াৰে ১২৮৬ গৰাকীয়ে সেউজীয়া ৰঙৰ ব্যৱসায় কৰি লাভৰ সূচনা কৰাৰ বিপৰীতে ৮৫৩ গৰাকীয়ে ৰঙা ৰঙৰ ব্যৱসায় কৰি লোকচান লাভ কৰিছিল। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা ষ্টকৰ ভিতৰত ৮টা ক্ৰয় সমৰ্থনৰ সৈতে সেউজীয়া অৱস্থাত থাকিল। আনহাতে, বিক্ৰীৰ চাপৰ বাবে ২২টা ষ্টক ৰঙা ৰঙৰ ট্ৰেডিং হৈ আছিল। নিফটিত অন্তৰ্ভুক্ত কৰা ৫০টা ষ্টকৰ ভিতৰত ৩০টা ষ্টকে সেউজীয়া আৰু ২০টা ৰঙা ৰঙৰ ব্যৱসায় কৰিছিল।
আজি ৫৪৫.১৬ পইণ্ট হ্ৰাস পাই ৮২,১৫১.০৭ পইণ্টত মুকলি হয় বিএছই চেন্সেক্স। ক্ৰেতাসকলে দ্ৰুতগতিত ক্ৰয়ৰ চাপ বৃদ্ধি কৰিলে, যাৰ ফলত সূচকাংকৰ গতিবিধিৰ উন্নতি ঘটিল। অৱশ্যে মাজে মাজে বিক্ৰীৰ বাউট হৈছিল। ইয়াৰ পিছতো সূচকাংকটোৱে নিজৰ গতি অক্ষুণ্ণ ৰাখিলে। পুৱা ১০ বজাত চেন্সেক্সৰ শ্বেয়াৰ ৯৩.১০ পইণ্ট হ্ৰাস পাই ৮২,৫৩৩.১৩ত ব্যৱসায় হৈছিল।
চেন্সেক্সৰ দৰেই আজিও এন এছ ই নিফটিয়ে মুকলি কৰে, ৮৮.৯৫ পইণ্ট হ্ৰাস পাই ২২,২৩৮.১০ পইণ্টত উপনীত হয়। বজাৰ মুকলিৰ সময়ত সূচকাংকটো চমুকৈ ২৫,২১১.৬৯ লৈ হ্ৰাস পায়। ইয়াৰ পিছত ক্ৰেতাসকলে ক্ৰয় তীব্ৰতৰ কৰি তুলিলে, যাৰ ফলত উৰ্ধমুখী ধাৰাৰ সৃষ্টি হয়। ক্ৰয়-বিক্ৰয় অব্যাহত থকাৰ মাজতে পুৱা ১০ বজাত নিফ্টীৰ ব্যৱসায় ৬.৮৫ পইণ্ট হ্ৰাস পাই ২৫,৩২০.২০ পইণ্টত কৰে ।
ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে চেন্সেক্সৰ মূল্য ৮২,৬২৬.২৩ত বন্ধ হৈছিল, যিটো ৩৮৭.৭৩ পইণ্ট বা ০.৪৭ শতাংশ হ্ৰাস পাইছিল। আনহাতে শুকুৰবাৰে নিফটিয়ে ৯৬.৫৫ পইণ্ট বা ০.৩৮ শতাংশ হ্ৰাস পাই ২৫,৩২৭.০৫ত ব্যৱসায়ৰ অন্ত পেলায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া