শ্ৰীভুমি, ২২ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভুমিৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়িত জব্দ বুজন নিষিদ্ধ ইয়াবা টেবলেট | ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰে ত্ৰিপুৰাৰ ফালে গৈ থকা এখন বিলাসী বাহনৰ পৰা প্ৰায় আঢ়ৈ কোটি টকাৰ মূল্যৰ ইয়াবা টেবলেট জব্দ হয় ।
গোপন সুত্ৰৰ ভিত্তিত এম জেদ ০১ এ এ ৪৫২৪ নম্বৰৰ বাহনখনত তল্লাচি চলাই আৰক্ষীয়ে ৫০,০০০ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে ।
বাহনৰ গোপন চেম্বাৰত ৰখা আছিল ড্ৰাগছখিনি । ঘটনাত আটক কৰা হয় ৰাজিব উদ্দিন আৰু দিলোয়াৰ হুসেন নামৰ দুজনক । ধৃত দুগৰাকীৰ ঘৰ শ্ৰীভূমিৰ ৰাতাবাৰী আৰু পাথাৰকান্দিত । ধৃত সকলক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা