প্ৰমোদ বড়োই নিজ গাঁৱ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ ৫৩ নং ভোট গ্ৰহন কেন্দ্ৰত পত্নী জীয়ৰী সহ ভোটদান কৰে
তামুলপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। বিটিচিৰ নিৰ্বাচন আৰম্ভ ৷ পুৱাৰ পৰা ভোটদান কৰিবলৈ ৰাইজে শাৰী পতা পৰিলক্ষিত হৈছে। তামুলপুৰ জিলাৰ ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা ইউপিপিএল দলৰ হৈ প্ৰমোদ বড়ো নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ আজি প্ৰমোদ বড়োই নিজৰ গাঁৱ সৌৰাগুৰি প্
প্ৰমোদ বড়োই নিজ গাঁৱ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ ৫৩ নং ভোট গ্ৰহন কেন্দ্ৰত পত্নী জীয়ৰী সহ ভোটদান কৰে


তামুলপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। বিটিচিৰ নিৰ্বাচন আৰম্ভ ৷ পুৱাৰ পৰা ভোটদান কৰিবলৈ ৰাইজে শাৰী পতা পৰিলক্ষিত হৈছে। তামুলপুৰ জিলাৰ ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা ইউপিপিএল দলৰ হৈ প্ৰমোদ বড়ো নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ আজি প্ৰমোদ বড়োই নিজৰ গাঁৱ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ৫৩ নং ভোট গ্ৰহন কেন্দ্ৰত ভোটদান কৰে পত্নী পাৰুল বড়ো সহ জীয়ৰীয়ে।

ভোটদান কৰি তেওঁ কয় যে— বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে ৷ শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন প্ৰক্ৰিয়া অব্যাহত আছে। ভোটাৰ ৰাইজৰ তথা বিৰোধী দলৰ প্ৰাৰ্থী সকলকো শুভেচ্ছা জ্ঞাপন কৰে। মা -মাটি - জাতি, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আমাৰ দলক ভোটাৰ ৰাইজে আকোৱালি লব বুলি আত্মবিশ্বাসী প্ৰমোদ বড়ো ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande