গুৱাহাটী, ২২ ছেপ্তেম্বৰ (হি.স.)। কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা সোণাপুৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু, কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্তষ্টিক্ৰীয়া অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, অনুস্থানত আনুমানিক ৫,০০০–৬,০০০ লোক উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
পুৱা প্ৰায় ৮.০০ বজাত প্ৰয়াত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য সহ তেওৰ অন্তিম যাত্ৰাৰ দলটো যোৰাবাটৰ সমীপৱৰ্তী কামৰূপ (ম) জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ পানবাৰী মৌজাৰ অন্তৰ্গত কমাৰকুছি গাঁৱৰ হাতীমুৰাত থকা শ্মশান স্থানত উপস্থিত হব বুলি অনুমান কৰা হৈছে।
মুখ্যমন্ত্ৰী গৰাকী সংবাদ মাধ্যমক অবগত কৰা অনুসৰি, সৰুসজাই ষ্টেডিয়াম অথবা জুবিন গাৰ্গৰ অন্তষ্টিক্ৰীয়া স্থলীৰ আশে পাশে যিকোনো ব্যক্তিয়ে যিকোনো বিঘিনি সৃষ্টিৰ চেষ্টা চলোৱাৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰা হৈছে, দুদিন পিছত দোষী ব্য়ক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।
চৰকাৰী ৰেকৰ্ডৰ বাবে যিকোনো অপ্ৰীতিকৰ ঘটনাৰ ফুটেজ সংগ্ৰহ কৰা হব বুলি উল্লেখ কৰি তেওঁ কয় যে নাগৰিক সকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰকাৰী নথিপত্ৰৰ উদ্দেশ্যে ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
তেওঁ লগতে জনায় যে জুবিন গাৰ্গৰ পৰিয়ালে যোৰহাটত ১৩ দিনীয়া আনুষ্ঠানিক ক্ৰিয়া কৰ্ম উদযাপনৰ পৰিকল্পনা কৰিছে, সেইদিনাই স্থানীয় অনুষ্ঠান অথবা সংগঠনক প্ৰিয় শিল্পী গৰাকীৰ চিতাভস্ম আগবঢ়োৱা হ’ব।
ইফালে, জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা বিষয়া সকলে গৃহ বিভাগৰ পৰা উপযুক্ত অনুমতি সাপেক্ষে গৈছিল নেকি বিষয়টোৰ তদন্ত কৰি নিশ্চিত কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷
জনসাধাৰণৰ সুবিধাৰ বাবে চৰকাৰে বিভিন্ন স্থানত এল ই ডি স্ক্ৰীণ স্থাপন কৰিছে যাতে মানুহে দূৰৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাব পাৰে। গাঁও সমূহৰ ৰাজহুৱা স্থানত টিভিৰ জৰিয়তে জুবিন গাৰ্গৰ অন্তষ্টিক্ৰিয়াৰ দৃশ্য় প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ