পূৰ্ণগতিত চলিছে সোণাপুৰত হ'বলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিৰ কাম
গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)। সোণাপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পৰ্যবেক্ষণ কৰিছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া স্থলী। ওৰেটো নিশা সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্তিম সৎকাৰৰ প্ৰস্তুতি চলাৰ অন্তত আজিও দিনজোৰাকৈ চলি আছে প্ৰস্তুতি। ৰাজ
সোণাপুৰত হ'বলগীয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিৰ কাম পূৰ্ণগতিত


সোণাপুৰত হ'বলগীয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিৰ কাম পূৰ্ণগতিত


সোণাপুৰত হ'বলগীয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিৰ কাম পূৰ্ণগতিত


গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)। সোণাপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পৰ্যবেক্ষণ কৰিছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া স্থলী। ওৰেটো নিশা সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্তিম সৎকাৰৰ প্ৰস্তুতি চলাৰ অন্তত আজিও দিনজোৰাকৈ চলি আছে প্ৰস্তুতি।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ডা০ ৰণোজ পেগু, বিধায়ক অতুল বৰাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক আৰু বিভাগীয় শীৰ্ষ বিষয়াসকলে কৰি আছে কাম-কাজৰ তদাৰক।

প্ৰায় ১০ বিঘা ভূমি সামৰি হ'ব নিৰ্মাণ কৰা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। আজি আৰু কাইলৈ অসম আৰু মেঘালয়ৰ যোৰাবাট অঞ্চলৰ সুৰাৰ বিপনী বন্ধ থাকিব। জুবিনৰ পৰিয়ালৰ ইচ্ছানুসৰি তেৰ দিনীয়া মাংগলিক অনুষ্ঠান যোৰহাটত অনুষ্ঠিত হ'ব, য'ত গৰিমা গাৰ্গ আৰু পৰিয়ালবৰ্গ উপস্থিত থাকিব

সৰুসসজাইৰ পৰা সোণাপুৰলৈ অন্তোষ্টিক্ৰিয়াৰ সমগ্ৰ কাৰ্যসূচী ভিডিঅ'গ্ৰাফী কৰা হ'ব। যদি কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে তেওৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

সোণাপুৰৰ অন্তোষ্টিক্ৰিয়াস্থলী আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব। উজনিৰ দিশৰ পৰা অহা ব্যক্তিসকলে জাগীৰোডৰ পৰা বিকল্প পথেৰে কাইলৈ আহিব লাগিব।

ইপিনে পুৱাৰ ভাগত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সম্পাদক সমীৰণ ফুকন উপস্থিত থাকি সোণাপুৰ আৰু যোৰহাটত হ'বলগীয়া জুবিন গাৰ্গৰ সমাধিস্থল বিশ্বমানৰ হ'ব লাগে বুলি মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande