অন্ধ মহিলা টি-২০ বিশ্বকাপঃ ১৬ জনীয়া ভাৰতীয় দলটোক জেমিমা ৰড্ৰিগেছৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি স)। ভাৰতীয় মহিলা ক্ৰিকেটাৰ জেমিমা ৰড্ৰিগেছে ১১ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ব্লাইণ্ড মহিলা টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত ১৬ গৰাকী খেলুৱৈৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। চলিত মাহৰ আৰম্ভণিত
অন্ধ মহিলা টি-২০ বিশ্বকাপঃ ১৬ জনীয়া ভাৰতীয় দলটোক জেমিমা ৰড্ৰিগেছৰ শুভেচ্ছা জ্ঞাপন


নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি স)। ভাৰতীয় মহিলা ক্ৰিকেটাৰ জেমিমা ৰড্ৰিগেছে ১১ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ব্লাইণ্ড মহিলা টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত ১৬ গৰাকী খেলুৱৈৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় দৃষ্টি হীন ক্ৰিকেট সংঘ (চিএবিআই)ই এই মেগা ইভেণ্টৰ বাবে দল ঘোষণা কৰিছিল, আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিশ্বকাপৰ প্ৰস্তুতি।

ভাৰতৰ হৈ ১১২ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা জেমিমাই এক বিবৃতিত কয় যে ভাৰতে প্ৰথমবাৰৰ বাবে অন্ধ মহিলা টি-২০ বিশ্বকাপ আয়োজন কৰাটো অপৰিসীম গৌৰৱৰ বিষয়। লগতে খেলুৱৈসকলে ট্ৰফী জয় কৰি দেশক গৌৰৱান্বিত কৰিব বুলিও আস্থা প্ৰকাশ কৰে।

জেমিমাহ ৰড্ৰিগেছে কয়, ভাৰতীয় মহিলা অন্ধ ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত ১৬ গৰাকী খেলুৱৈৰ সকলোকে অভিনন্দন আৰু শুভেচ্ছা। ই কল্পনাতীত হ'ব। ভাৰতত এইবাৰ প্ৰথমবাৰৰ বাবে অন্ধ মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ'ব। মই সঁচাকৈয়ে উৎসাহিত। মই জানো যে আপোনালোক সকলোৰে বাবে উত্তেজনা দুগুণ হ'ব। আপোনালোক সকলোৱে ট্ৰফী হাতত তুলি লোৱাটো চাবলৈ মই উৎসাহাৰে লৈ আছো ।

শেহতীয়াকৈ চিএবিআইৰ সভাপতি ড০ মহন্তেশ জি কিৱাদাসন্নৱৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰি এই মহান অনুষ্ঠানৰ সবিশেষ দাঙি ধৰে। তেওঁৰ সৈতে বহিঃ পৰিক্ৰমা আৰু সাংস্কৃতিক বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ অধ্যক্ষ মীনাক্ষী লেখীও উপস্থিত থাকে।

আগন্তুক ব্লাইণ্ড মহিলা টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব। বেংগালুৰুৰ নতুন দিল্লী, আৰু শ্ৰীলংকাৰ কলম্বোত খেল অনুষ্ঠিত হ’ব। ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, নেপাল, পাকিস্তান, শ্ৰীলংকা, আৰু আমেৰিকাৰ দলসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

অন্ধৰ বাবে মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল

বি ১ শ্ৰেণী: চিমু দাস (দিল্লী), পি কৰুণা কুমাৰী (অন্ধ্ৰ প্ৰদেশ), অনু কুমাৰী (বিহাৰ), যমুনা ৰাণী টুডু (ওড়িশা), কাব্য পঞ্চম (কৰ্ণাটক)

বি ১ শ্ৰেণী: অনেখা দেৱী (দিল্লী), বসন্তি হান্সদা (ওড়িশা), সিমৰঞ্জিত কৌৰ (ৰাজস্থান), সুনীতা সাৰথে (মধ্য প্ৰদেশ), পাৰ্বতী মাৰ্ণ্ডি (ওড়িশা)

বি৩ শ্ৰেণী: দীপিকা টি.চি. (কৰ্ণাটক - অধিনায়ক), ফুলা সোৰেন (ওড়িশা), গংগা এছ কদম (মহাৰাষ্ট্ৰ - উপ-অধিনায়ক), কাব্য এন.আৰ. (কৰ্ণাটক), সুষমা পেটেল (মধ্য প্ৰদেশ), দুৰ্গা য়েৱালে (মধ্য প্ৰদেশ)

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande