পশ্চিম কাৰ্বি আংলঙত অন্তিম শয়নত থকা হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি শুভাকাংক্ষীৰ
পশ্চিম কাৰ্বি আংলঙ, ২২ ছেপ্টেম্বৰ (হি.স.)। শোকস্তব্ধ ৰাজ্য। প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত আওৰাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সহস্ৰাধিক জুবিন অনুৰাগী আৰু শুভাকাংক্ষীয়ে পাৰ্বত্য জিলা খনৰ পৰাই জনালে অন্তিম শয়নত থকা হাৰ্টথ্ৰ''ব জুবিন গাৰ্
পশ্চিম কাৰ্বি আংলঙত অন্তিম শয়নত থকা হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি শুভাকাংক্ষীৰ


পশ্চিম কাৰ্বি আংলঙ, ২২ ছেপ্টেম্বৰ (হি.স.)। শোকস্তব্ধ ৰাজ্য। প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত আওৰাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সহস্ৰাধিক জুবিন অনুৰাগী আৰু শুভাকাংক্ষীয়ে পাৰ্বত্য জিলা খনৰ পৰাই জনালে অন্তিম শয়নত থকা হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি।

মায়াবিনী গীতেৰে অশ্ৰুসিক্ত নয়নেৰে হাতে হাতে মম-চাকি লৈ বৃহত্তৰ অঞ্চলটোত বৃহৎ সমদল উলিয়াই শোক প্ৰকাশ কৰাৰ লগতে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি ধূপ আদি প্ৰজ্জ্বলন কৰি শিল্পী গৰাকীৰ আত্মাৰ সদ্গতিৰ কামনাৰে ঈশ্বৰৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা জনায় বাকৰুদ্ধ হৈ পৰা অনুৰাগী আৰু শুভাকাংক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande