তামুলপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। আজি বিটিচিৰ নিৰ্বাচন ৷ তামুলপুৰ জিলাৰ ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা ইউপিপিএল দলৰ হৈ প্ৰমোদ বড়ো নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ শান্তিপূৰ্ণ ভোটগ্ৰহণ অব্যাহত আছে। আজি প্ৰমোদ বড়োই নিজৰ গাঁৱ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ৫৩ নং ভোট গ্ৰহন কেন্দ্ৰত ভোটদান কৰে পত্নী পাৰুল বড়ো সহ জীয়ৰীয়ে।
ভোটদান কৰি তেওঁ কয় যে— বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে ৷ নিৰ্বাচনৰ সময়ত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে যদিও বাকী শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন প্ৰক্ৰিয়া অব্যাহত আছে। ভোটাৰ ৰাইজৰ তথা বিৰোধী দলৰ প্ৰাৰ্থী সকলকো শুভেচ্ছা জ্ঞাপন কৰে। মা-মাটি- জাতি, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আমাৰ দলক ভোটাৰ ৰাইজে আকোৱালি লব বুলি আত্মবিশ্বাসী প্ৰমোদ বড়ো ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা