গোলকগঞ্জৰ হালাকুৰাত সংঘটিত পথ দুৰ্ঘটনাত আহত এজন
ধুবুৰী ২২ ছেপ্তেম্বৰ (হি.স.)। গোলকগঞ্জৰ থানাৰ অন্তৰ্গত হালাকুৰা বজাৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগত থকা এনআৰএল পাম্পৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হালাকুৰাৰ পৰা অহা তীব্ৰ বেগী এএছ ১৭পি ১১২৬ নম্বৰৰ ছুইফ্ট বাহন খন
গোলকগঞ্জৰ হালাকুৰাত সংঘটিত পথ দুৰ্ঘটনাত আহত এজন


ধুবুৰী ২২ ছেপ্তেম্বৰ (হি.স.)। গোলকগঞ্জৰ থানাৰ অন্তৰ্গত হালাকুৰা বজাৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগত থকা এনআৰএল পাম্পৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হালাকুৰাৰ পৰা অহা তীব্ৰ বেগী এএছ ১৭পি ১১২৬ নম্বৰৰ ছুইফ্ট বাহন খনে নিত্যানন্দ সাহাক খুন্দা মৰাৰ ,ফলত তেও গুৰুতৰ ভাবে আহত হয়।

ৰাইজে ততাতৈয়াকৈ হালাকুৰা চিকিৎসালয়ত ভৰ্তি কৰায়, যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত কোচবিহাৰ সুভম হস্পিটাল আইচিইউত ভৰ্তি কৰে । নিত্যানন্দ সাহাই পৰিয়ালৰ সৈতে বক্সিৰহাটৰ জীয়েকৰ ঘৰৰ পৰা নিজা ঘৰলৈ গৈ থকাৰ সময়তে ,নিজ ঘৰৰ সন্মুখতে ব্যক্তিগত চাৰিচকীয়া গাড়ীৰ পৰা নামি গৃহ অভিমুখে যোৱাৰ সময়তে হঠাতে বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমতে নিত্যানন্দ সাহাক খুন্দিয়াই হোটেলৰ এটা ঘৰত খুন্দা মাৰে । উপস্থিত থকা ৰাইজৰ লগতে পৰিয়ালৰ লোকে তীব্ৰ বেগী এএছ ১৭পি ১১২৬ নম্বৰৰ ছুইফ্ট বাহন খন আটক কৰে । দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰক্ষীক গতাই দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande