ওদালগুৰি, ২২ ছেপ্টেম্বৰ (হি.স.)। আজি বিটিআৰ পৰিষদৰ ৪০ না সমষ্টিৰ নিৰ্বাচনৰ ভোট গ্রহণ। সকলোৱে গণতান্ত্রিক ভোটাধিকাৰ সাব্যস্ত কৰি নির্বাচিত কৰিব পছন্দৰ প্রার্থীজনক।
৩৯ নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ মাজবাটৰ বিভিন্ন ভোটকেন্দ্র পৰিদৰ্শন নির্দলীয় প্রার্থী ৰাজু ঢাকালৰ। পাচনৈ চেৰফাঙৰ ৰাইজে নিশ্চয় এইবাৰ বিকল্প চিন্তা কৰিব বুলি মতপোষণ প্রার্থীগৰাকীৰ। সমষ্টিটোৰ সকলো ভোটাৰক শান্তিপূর্ণভাৱে ভোটদান কৰিবলৈ আহ্বান নেতাগৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা