ডিব্ৰুগড়, ২২ ছেপ্তেম্বৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছত চতুৰ্থটো দিনতো স্তব্ধ হৈ পৰিছে ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা । কালিলৈ অৰ্থাৎ ২৩ ছেপ্টেম্বৰত হাৰ্থথ্ৰৱ জুবিন দাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা কেন্দ্ৰীয় সমিতিয়ে অসমৰ সমূহ চাহ বাগিচালৈ এক নিৰ্দেশনা যোগে কালিলৈ বন্ধৰ জাননী প্ৰেৰণ কৰিছে ।
প্ৰিয় শিল্পী গৰাকীক সমূহ চাহ বাগিচাৰ ৰাইজে বিদায় জনাব পাৰে তাৰ বাবে তেওঁলোকে এই বন্ধ ঘোষণা কৰিছে । সেই নিৰ্দেশনাক আদৰণী জনায় খুমটাইৰ শাওঁতলী চাহ বাগিচাৰ আটছাৰ বিষয়ববীয়া সকলেও ৰাজ্যৰ চাহ বাগিচাৰ ৰাইজক জুবিন গাৰ্গৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰি জন শিল্পী গৰাকীক বীৰোচিত বিদায় জনাবলৈ আহ্বান জনাইছে । লগতে শিল্পী গৰাকীৰ চাহ জনজাতিৰ সংস্কৃতিৰ প্ৰতি শিল্পী গৰাকীৰ অনবদ্য অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন চাহ বাগিচালৈ জুবিন গাৰ্গৰ নামত সংস্কৃতিক গৱেষণা প্ৰতিষ্ঠান ঘোষণা কৰাৰো দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ