নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। দিল্লীৰ বিশিষ্ট দক্ষিণ সম্প্ৰসাৰণ এলেকাৰ অমৰ কলনী মাৰ্কেটত আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই জি এছ টি (সামগ্ৰী আৰু সেৱা কৰ) সঞ্চয় উৎসৱ সন্দৰ্ভত চৰ্চা কৰিব। এই তথ্য বিজেপিয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেল পোষ্ট অনুসৰি নড্ডাই অমৰ কলনী মাৰ্কেটত ৩:৩০ বজাত উপস্থিত হ‘ব। আৰু স্থানীয় দোকানীসকলৰ সৈতে জি এছ টি সঞ্চয় উৎসৱৰ বিষয়ে চৰ্চা কৰিব। উল্লেখযোগ্য যে আজিৰে পৰা দেশজুৰি নতুন জি এছ টিৰ হাৰ কাৰ্যকৰী হৈছে। ইয়াৰ ফলত সমাজৰ প্ৰতিটো শ্ৰেণীয়ে কোনোবা নহয় কোনোবা প্ৰকাৰে উপকৃত হৈছে। কালি দেশবাসীক দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক জি এছ টি সঞ্চয় মহোৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
লক্ষণীয় যে আজিৰ পৰা কাৰ্যকৰী হোৱা নতুন জি এছ টি হাৰত এতিয়া ৫% আৰু ১৮% দুটা শিতান আছে। বিলাসী আৰু অতিবিলাসী সামগ্ৰীৰ ওপৰত পৃথক ৪০% কৰ আৰোপ কৰা হ’ব। চিগাৰেট, ধঁপাত, আৰু অন্যান্য আনুষংগিক বস্তু বাদ দি নতুন কৰ হাৰ আজি কাৰ্যকৰী হ’ল। ইয়াৰ ফলত সকলো বয়সৰ আৰু সকলো সম্প্ৰদায়ৰ লোকে যথেষ্ট সকাহ পাইছে। পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিকছ, ঔষধ আৰু সঁজুলি, আৰু বাহন আদি প্ৰায় ৪০০ টা সামগ্ৰী সস্তা হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া