ৱাশ্বিংটন, ২২ ছেপ্টেম্বৰ (হি.স.)। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁৰ পত্নী ব্রিজিট মেক্ৰন এগৰাকী মহিলা বুলি প্রমাণ কৰা বৈজ্ঞানিক প্রমাণ আৰু ফটো দাখিল কৰিব৷ আমেৰিকাৰ ডেলাৱেৰ ৰাজ্যত মেক্ৰন আৰু তেওঁৰ পত্নীয়ে ব্রিজিটৰ জন্ম পুৰুষ বুলি দাবী কৰা আমেৰিকাৰ সোঁপন্থী প্রভাৱশালী কেণ্ডেছ ওৱেন্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে ৷ এই তথ্য প্ৰদান কৰিছে মেক্ৰনৰ অধিবক্তা টম ক্লেয়াৰে, যিয়ে আদালতত গোচৰটোৰ প্ৰতিনিধিত্ব কৰি আছে।
ক্লেয়াৰে কয় যে মেক্ৰনে কেণ্ডেছ ওৱেন্সৰ বিৰুদ্ধে গোচৰটোত সাক্ষ্য দিয়াৰ পৰিকল্পনা কৰিছে, যাক বাদীয়ে অভিযোগ কৰিছে যে তেওঁ তেওঁৰ পত্নীক “হিজড়া” বুলি অনলাইনত উৰাবাতৰি বিয়পোৱাত সহায় কৰিছিল।
ক্লেয়াৰে কয়, বিশেষজ্ঞৰ সাক্ষ্য উপস্থাপন কৰা হ'ব, যিটো বৈজ্ঞানিকভাৱে পৰিচালিত কৰা হ'ব। ইয়াৰ দ্বাৰা বক্তব্যৰ মিছা কথাও উদঙাই দিয়া হ'ব।
ব্ৰিজিট মেক্ৰনৰ লিংগ সম্পৰ্কে বছৰ বছৰ ধৰি ফ্ৰান্সত জল্পনা-কল্পনা চলি আহিছে আৰু ওৱেন্সৰ বিৰুদ্ধে এই বিচাৰ এনে এটা সময়ত হৈছে যেতিয়া ৰাষ্ট্ৰপতি মেক্ৰনে মতামত সমীক্ষাত কম জনপ্ৰিয়তা আৰু চৰকাৰী অস্থিৰতাৰ সৈতে যুঁজি আছে। চলিত বৰ্ষৰ জুলাই মাহত ওৱেন্সে বিকামিং ব্রিজিট ইন ইনট্ৰডাকচন শীৰ্ষক এটা চল্লিশ মিনিটৰ ভিডিঅ'ত পুনৰ কয় যে ব্রিজিটৰ জন্ম পুৰুষ।
ইফালে, ক্লেয়াৰে কয় যে বিশেষজ্ঞৰ সাক্ষ্য সন্দৰ্ভত নিজৰ দলৰ কৌশলৰ বিষয়ে বিতংভাৱে ক’ব নোৱাৰিলেও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বৃহৎ অনুগামী থকা প্ৰভাৱশালী ব্যক্তি ওৱেন্সে ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী সম্পৰ্কে মিছা কথা বিয়পাই দিয়াটো প্ৰমাণ কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু। এই অভিযোগসমূহৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৭২ বছৰীয়া ব্ৰীজিট মেক্ৰনেও ফ্ৰান্সৰ আদালতৰ কাষ চাপিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া