ওদালগুৰি, ২২ ছেপ্তেম্বৰ (হি.স.)। ওদালগুৰি জিলাৰ বড়োভূমিত অনুষ্ঠিত বিটিচি নিৰ্বাচনত চাঞ্চল্যকৰ পৰিস্থিতি। আজিৰ ভোট প্ৰদানৰ দিনাই একেলগে চাৰিখন গাঁওৰ ৰাইজে ভোটদান বৰ্জন কৰিছে। ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে। গাঁও বাসীৰ অভিযোগ—তেওঁলোকৰ গাঁওক সদ্য নতুনকৈ বিটিআৰ ত অন্তৰ্ভুক্ত কৰা হৈছে।
কিন্তু স্থানীয় ৰাইজৰ একমাত্ৰ দাবী, “আমাক পুনৰ দৰং জিলাত অন্তৰ্ভুক্ত কৰিব লাগিব, নহ’লে ভোট প্ৰদান নকৰোঁ। প্ৰাপ্ত তথ্য অনুসৰি হৰিশিঙা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভেৰভেৰী বিল, আৰু চেনিবাৰী গাঁও। ধনশিৰী পৰিষদীয় সমষ্টিৰ দুখন গাঁও বৰখাট আৰু বেগাৰকাষ ।এই চাৰিখন গাঁৱে আজিৰ দিনটোত একেবাৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ