- নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ মঙলবাৰে উপসাগৰীয় দূতাবাসৰ সৈতে বৈঠক আহ্বান ক
কাঠমাণ্ডু, ২২ ছেপ্টেম্বৰ (হি.স.)। সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ পিছত এতিয়া মালয়েছিয়া, চৌদি আৰব, কাটাৰে নেপালী নাগৰিকৰ বাবে ভিছাৰ পদ্ধতি কঠোৰ কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় দূতাবাসৰ সৈতে বৈঠক আহ্বান কৰি শেহতীয়া পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।
নেপালৰ বিদেশী নিয়োগ উদ্যোগী সংস্থাৰ সচিব কুঞ্চাদৰ্জে ডিমডঙে কয় যে নেপালত জেন জি আন্দোলনৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ পোহৰত ইউ এ ইয়ে ১৫ ছেপ্টেম্বৰৰ পৰা ভ্ৰমণ আৰু কৰ্ম ভিছা কঠোৰ কৰি তুলিছে।এতিয়া মালয়েছিয়া, চৌদি আৰব, কাটাৰ, আৰু অন্যান্য উপসাগৰীয় দেশসমূহেও ভিছা প্ৰদানৰ পদ্ধতি কঠোৰ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ কয় যে উপসাগৰীয় দেশসমূহে বিগত দুই তিনিদিন ধৰি বিভিন্ন নথি-পত্ৰ দাবী কৰি আহিছে। ডিমডঙে কয় যে পুৰণি আৰক্ষীৰ প্ৰতিবেদন বাতিল কৰা হৈছে আৰু আৰক্ষীৰ প্ৰতিবেদন পুনৰ জাৰি কৰা হৈছে। ইয়াৰ ফলত বহু ভিছাৰ আবেদন নাকচ কৰা হৈছে।
ইউ এ ইয়ে ভিজিট ভিছা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে ৱৰ্ক ভিছা কটকটীয়া কৰিছে। কোৱা হৈছে যে জেন জি বিদ্ৰোহৰ পিছত কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীসকলে দেশত প্ৰৱেশ কৰিব পাৰে বুলি আশংকা কৰি ইউ এ ইয়ে ভিছাৰ প্ৰয়োজনীয়তা কটকটীয়া কৰিছে। অৱশ্যে ইউ এ ইয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰদান কৰা নাই। ইয়াৰ উপৰিও কোৱা হৈছে যে ইউ এ ইয়ে আভ্যন্তৰীণ ব্যৱস্থাপনা কাৰণত ভিজিট ভিছাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ৱৰ্ক ভিছা কটকটীয়া কৰিছে। তদুপৰি ইউ এ ইৰ ব্যৱসায়ীসকলে নেপালী ব্যৱসায়ীসকলক জনাইছে যে নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বাবেও এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া