কোকৰাঝাৰ, ২২ ছেপ্টেম্বৰ (হি.স.): বিটিচি পৰিষদীয় নিৰ্বাচন আজি সোমবাৰে প্ৰায় শান্তিপূৰ্ণ ভাবে সামৰণি পৰে যদিও সন্ধিয়া ভাগত শ্ৰীৰামপুৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মোখলেছুৰ ৰহমানৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰি মতে মহকুমাৰ ৩ নং পৰিষদীয় সমষ্টিৰ ৰাঙাপাৰাত সন্ধিয়া সাত বজামানত হাতে-হাতে লাঠি আৰু চোকা লৈ দুখন গাড়ীত অহা এদল দুৰ্বৃত্তই বিপিএফ দলৰ প্ৰাৰ্থী মোখলেছুৰ ৰহমানৰ গাড়ীত অতৰ্কিতে আক্ৰমণ চলায় ৷
জানিব পৰা মতে প্ৰাৰ্থী গৰাকী সমষ্টিৰ মৰনৈ এলেকাৰ পৰা গোসাঁইগাঁৱলৈ আহি থকা সময়তে দুুৰ্বৃত্তৰ দলটোৱে প্ৰাৰ্থীজনক আক্ৰমণৰ উদ্দেশ্যৰে অনুসৰণ কৰি ৰাঙাপাৰা ৰেলৱে গেটত আক্ৰমণ চলায় ৷ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত দৈৱক্ৰমে প্ৰাৰ্থীজনে ৰক্ষা পৰে যদিও বাহনৰ বিস্তৰ ক্ষতিসাধন হয় ৷
আনহাতে এই দুৰ্বৃত্তৰ আক্ৰমণত সাৰি নগল এগৰাকী সাংবাদিক ৷ জানিব পৰা মতে অসমৰ আগশাৰীৰ এটি টিভি চেনেলৰ সাংবাদিক মিজানুৰ ৰহমানে গ্ৰাহামপুৰ এলেকাৰ পৰা গোসাঁইগাঁও অভিমুখে আহি থকা সময়তে দুৰ্বৃত্তৰ দলটোৱে সাংবাদিকজনৰ গাড়ীত আক্ৰমণ চলায় ৷ হাতে-হাতে দা-লাঠি আদিৰে সুসজ্জিত দুৰ্বৃত্তৰ দলটোৱে সাংবাদিকৰ চাৰিচকীয়া বাহনখন ভাঙি চুৰমাৰ কৰে৷ কিন্তু সৌভাগ্যক্ৰমে সাংবাদিকজনৰ কোনো মতে প্ৰাণ ৰক্ষা পৰে৷ এই ঘটনাকলৈ সমগ্ৰ শ্ৰীৰামপুৰবাসী ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা বিৰাজ কৰাৰ উপৰি ব্যাপক প্ৰতিক্ৰিয়া গা-কৰি উঠিছে৷এনেকি এই নিন্দনীয় ঘটনাক বিপিএফ দলে ধিক্কাৰ জনাই দুৰ্বৃত্তক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী জনাইছে৷
ইপিনে সাংবাদিকৰ ওপৰত আক্ৰমণ মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ বুলি সাংবাদিক মহলে অভিহিত কৰিছে ৷ বিগত পাঁচটা বছৰে বিটিচিত শান্তি স্থাপন কৰা বুলি প্ৰতিটো মুহুৰ্ততে টেটুফালি চিঞৰি থকা সকলৰ ছত্ৰছায়াত সাংবাদিকৰ ওপৰত চলোৱা আক্ৰমণে গণতন্ত্ৰক ভুলুণ্ঠিত কৰা বুলি সাংবাদিক সকলে মন্তব্য কৰিছে ৷ আজি নিৰ্বাচন সমাপন হোৱাৰ পিছতে পৰিকল্পিতভাবে প্ৰাৰ্থীৰ উপৰি এগৰাকী সাংবাদিকক লক্ষ্য কৰি বিটিচি শাসনাধিষ্ঠিত দলৰ সমৰ্থকৰ দ্বাৰা দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনা বিটিচিৰ আন এক কলংকিত ইতিহাস হিচাপে চিহ্নিত হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ