পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হব জুবিন গাৰ্গৰ নশ্বৰ দেহৰ- মুখ্য়মন্ত্ৰী
গুৱাহাটী, ২২ ছেপ্তেম্বৰ (হি.স.)। সংগীত শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্যুৰ ঘটনাৰ তদন্ত কৰাৰ উদ্দেশ্যে পুনৰ মহান শিল্পী গৰাকীৰ প্ৰাণহীন শৰীৰৰ পোষ্টমৰ্টেম কৰা হব। কাইলৈ পুৱা এইমছৰ চিকিতসকৰ উপস্থিতিত পোষ্টমৰ্টেম কৰা হব। মুখ্য়মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ
असमः लोक सेवा भवन में मीडिया को संबोधित करते मुख्यमंती डॉ. हिमंत बिस्व सरमा


গুৱাহাটী, ২২ ছেপ্তেম্বৰ (হি.স.)। সংগীত শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্যুৰ ঘটনাৰ তদন্ত কৰাৰ উদ্দেশ্যে পুনৰ মহান শিল্পী গৰাকীৰ প্ৰাণহীন শৰীৰৰ পোষ্টমৰ্টেম কৰা হব। কাইলৈ পুৱা এইমছৰ চিকিতসকৰ উপস্থিতিত পোষ্টমৰ্টেম কৰা হব। মুখ্য়মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে। সমগ্ৰ প্ৰক্ৰিয়াটোত দুঘন্টাৰ প্ৰয়োজন হব বুলি মুখ্যমন্ত্ৰী গৰাকী সংবাদ মাধ্যমক অবগত কৰে। এই ক্ষেত্ৰত প্ৰয়াত শিল্পী গৰাকীৰ পৰিয়ালৰ অনুমতি লাভ কৰা হৈছে।

আজি অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে শিল্পী গৰাকীৰ মৃত্যুৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিব চৰকাৰে। অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যাব। ইয়াত এটা প্ৰক্ৰিয়া জৰিত আছে।

অসম আৰক্ষী নিজ ইচ্ছা অনুসৰি ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব নোৱাৰে।ইন্টাৰপোলৰ জৰিয়তে যাব লাগিব।ইয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰা হব। গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি পত্ৰ প্ৰদান কৰিলে অসম চৰকাৰৰ বিষয়া সকলে ছিংগাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব।

মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰে যে চিআইডিৰ দল ছিংগাপুৰলৈ যাব ।সামাজিক মাধ্যমৰ তথ্যও সংগ্ৰহ কৰিব চিআইডি। ৰাইজলৈ আহ্বান কিবা তথ্য থকা সকলক চিআইডিত ভাষ্য প্ৰদান কৰিবলৈ আহ্বান মুখ্য়মন্ত্ৰীৰ।

কিন্ত কোনো ভিত্তি নহোৱাকৈ সামাজিক মাধ্যমত যধেমধে পোষ্ট কৰিলে সেই লোকসকলৰ বিৰুদ্ধে আইনী ব্য়ৱস্থা গ্ৰহণ কৰা হব।

জুবিন গাৰ্গৰ সতকাৰৰ ক্ষেত্ৰত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, আছু ,অসম সাহিত্য সভাই পৰিয়ালৰ সিদ্ধান্ত অনুসৰি অনুষ্ঠিত কৰাৰ সিদ্ধান্তক পোষকতা কৰিছে কিন্ত এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিটিৰ সভাপতি অখিল গগৈ ৰাজনৈতিক ৰহন সনা প্ৰচেষ্টাক মুখ্য়মন্ত্ৰী তীব্ৰ সমালোচনা কৰে।

সংবাদ মেলত তেও উল্লেখ কৰে যে, ২৩ ছেপ্তেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ অন্তষ্টিক্ৰীয়া সম্পন্ন কৰা হব। সোণাপুৰৰ কমাৰকুচিত জুবিন গাৰ্গৰ অন্তষ্টিক্ৰীয়া যিহেতু ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হব সেই দিনটোত ৰাজ্য়ৰ বিদ্য়ালয়,মহাবিদ্য়ালয়,কামৰূপ মহানগৰৰ অধিনত থকা চৰকাৰী কাৰ্যালয় সমূহ বন্ধ ৰখা হব।

জুবিন গাৰ্গৰ অন্তষ্টিক্ৰীয়া অনুষ্ঠিত হব লগা গুৱাহাটীৰ পৰা সোণাপুৰলৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজিৰ পৰা কাইলৈ বিয়লি ৪ বজালৈ জৰুৰীকালিন বাহনৰ বাহিৰে সকলো যানবাহনৰ চলাচল বন্ধ ৰখা হব।

অন্তষ্টিক্ৰীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু,অসম বিধানসভাৰ অধ্যক্ষ,অসম বিধান সভাৰ বিৰোধী দলৰ সভাপতি, অসম সাহিত্য় সভাৰ প্ৰতিনিধি, আছুৰ প্ৰতিনিধি,তেওৰ ঘনিষ্ঠ সংগী,পৰিয়ালৰ সদস্য,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱাল উপস্থিত থাকিব।

মুখ্য়মন্ত্ৰীৰ কঠোৰ সকিয়নি ,জুবিন গাৰ্গৰ নামত কাইলৈ বিয়লি ২ বজাৰ পিছত দোকান পোহাৰৰ অনিষ্ট সাধন কৰা দুৰ্বিত্ত সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্য়ৱস্থা গ্ৰহণ কৰা হব।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande