দৰ্শকক হাঁহিবলৈ আৰু ভাবিবলৈ পুনৰ আহিছে অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছিৰ শক্তিশালী যুটি। জনপ্ৰিয় আদালতৰ কক্ষৰ নাটক ফ্ৰেঞ্চাইজি জলি এল এল বিৰ তৃতীয় কিস্তি এতিয়া চিনেমাগৃহত এক উত্তপ্ত বিষয়।
২০১৩ চনত মুক্তি পোৱা প্ৰথমখন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি আৰ্শ্বদ ৱাৰ্ছীয়ে দৰ্শকৰ হৃদয় জয় কৰাৰ বিপৰীতে ২০১৭ চনত মুক্তি পোৱা জলী এল এল বি ২ ছবিখনত অক্ষয় কুমাৰৰ উপস্থিতিয়ে বক্স অফিচত সফলতা লাভ কৰিছিল। এতিয়া প্ৰায় আঠ বছৰৰ পাছত পৰিচালক সুভাষ কাপুৰে লৈ আহিছে ১৯ ছেপ্টেম্বৰত মুক্তি পোৱা জলী এল এল বি ৩।
খবৰ অনুসৰি বহু প্ৰত্যাশিত এই ছবিখনে মুকলিৰ দিনটোত প্ৰচণ্ড সঁহাৰি লাভ কৰিছিল। শুকুৰবাৰে প্ৰায় ১২ কোটি টকাৰে মুকলি কৰাৰ পিছত শনিবাৰে সংগ্ৰহ ২০ কোটি টকালৈ জপিয়াই পৰে। দেওবাৰেও ছবিখনে শক্তিশালী ৰূপত থিয় দিছিল, প্ৰায় ২১ কোটি ₹ উপাৰ্জন কৰিছিল। মাত্ৰ তিনিদিনতে ছবিখনে প্ৰায় ₹৫৩.৫০ কোটি টকা উপাৰ্জন কৰিছে।
এইবাৰ কাহিনীটোৰ আলোকপাত হৈছে যে প্ৰথমবাৰৰ বাবে জলী অভিনেতা অক্ষয় আৰু আৰ্শ্বদ দুয়োজনেই আদালতৰ কক্ষত মুখামুখি হৈছে। দৰ্শকৰ প্ৰিয় সৌৰভ শুক্লাই পুনৰবাৰ বিচাৰক হিচাপে নিজৰ স্মৰণীয় ভূমিকা পালন কৰিছে। হুমা কুৰেশ্বি আৰু অমৃতা ৰাও নিজ নিজ ভূমিকালৈ ঘূৰি আহে।
ছচিয়েল মিডিয়াত ছবিখনে লাভ কৰিছে প্ৰচণ্ড সঁহাৰি। দৰ্শকে কয় যে অক্ষয় আৰু আৰ্শ্বাদৰ প্ৰতিদ্বন্দ্বিতা, আদালতৰ কক্ষৰ ঠাট্টা-মস্কৰা, শক্তিশালী সংলাপে এই ছবিখনক কেৱল পৰ্দাতে নহয়, বক্স অফিচতো বিপুল সফলতা লাভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া