শিৱসাগৰ, ২২ ছেপ্তেম্বৰ (হি.স.)। শিৱসাগৰ ডিমৌত দুৰ্ঘটনাত মৃত্যু হৈছে সাংবাদিক ইফটিকাৰ(বিটু)ৰহমানৰ। ডিমৌৰ পৰা ইলেকট্ৰনিক মাধ্যমত কৰ্মৰত আছিল ইফটিকাৰ ৰহমান। কিছুদিন পূৰ্বলৈকে 'আছাম টকচ ' ৰ এগৰাকী সক্ৰিয় সাংবাদিকৰূপে ডিমৌৰ পৰা কৰ্ম সম্পাদন কৰি আছিল ।কালি বিয়লি লৈকে ডিমৌত অনুষ্ঠিত জুবিন গাৰ্গৰ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিমৌ প্ৰেছ ক্লাবৰ পৰা স্কুটিৰে ডিমৌ দিহাজানস্থিত ঘৰলৈ উভতি গৈছিল।
কিন্তু ঘৰ পোৱাৰ পূৰ্বে ডিমৌৰ শান্তিপুৰত ৰহস্যজনক ভাৱে দুৰ্ঘটনাত পতিত হয় ইফটিকাৰ ৰহমান।দু্ৰ্ঘটনাৰ স্থানত ডেৰঘণ্টাৰো অধিক সময় পৰি থকা সাংবাদিকজনক স্থানীয় কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি কাষ চাপি যোৱাৰ সময়তে বাজি উঠা সাংবাদিকজনৰ পৰি থকা ম'বাইল যোগে পৰিয়ালক ঘটনা সন্দৰ্ভত জনায়। ইয়াৰ পিছত ডিমৌ আৰক্ষী ঘটনা থলীত উপস্থিত হৈ ইফটিকাৰ ৰহমানক ডিমৌ আদৰ্শ চিকিৎসালয়লৈ আনে যদিও মৃত ঘোষণা কৰে চিকিৎসকে। মূৰত গুৰুতৰ আঘাত পাই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱা ইফটিকাৰ ৰহমানৰ স্কুটিখন ডিমৌৰ চাৰিলেন ৩৭ নং ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে অবিবেচকী ভাৱে পেলাই ৰখা এদম শিলৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে। আৰক্ষীৰ তদন্তহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। সতীৰ্থ সাংবাদিক জনৰ আকস্মিক মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে শিৱসাগৰ সাংবাদিক মহল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ