নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে সোমবাৰে সন্ধিয়া বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ৰাওনা হয়। ছিডনী হৈ কেনবেৰালৈ যাত্ৰা কৰিব দলটোৱে।
হকী ইণ্ডিয়াৰ মতে, ২৬ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলি থকা এই ভ্ৰমণৰ সময়ত ভাৰতীয় দলটোৱে প্ৰথম তিনিখন খেল অষ্ট্ৰেলিয়াৰ জুনিয়ৰ মহিলা দলৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছতে স্থানীয় দল কেনবেৰা চিলৰ বিৰুদ্ধে দুখন মেচ অনুষ্ঠিত হ’ব। ২৬, ২৭, ২৯, ৩০, আৰু ২ অক্টোবৰত কেনবেৰাৰ নেশ্যনেল হকী চেণ্টাৰত সকলো মেচ অনুষ্ঠিত হ’ব।
এই প্ৰত্যাহ্বানৰ প্ৰতি আগ্ৰহী হৈ ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ অধিনায়ক জ্যোতি সিঙে কয় যে, এয়া আমাৰ সকলোৰে বাবে অতি ৰোমাঞ্চকৰ মুহূৰ্ত। অষ্ট্ৰেলিয়াত খেলাটো এক ডাঙৰ শিক্ষণ অভিজ্ঞতা হ'ব আৰু ই আমাক জুনিয়ৰ বিশ্বকাপৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱাত সহায় কৰিব। দলটোৱে কঠোৰ পৰিশ্ৰম কৰিছে আৰু শক্তিশালী প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে নিজকে পৰীক্ষা কৰিবলৈ আগ্ৰহী বুলিও কয় ছানীয়ে। আমাৰ লক্ষ্য হ'ব এই ভ্ৰমণৰ সৰ্বোত্তম ব্যৱহাৰ কৰা, এক সংযুক্ত ইউনিট হিচাপে আগবাঢ়ি যোৱা, আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ডাঙৰ প্ৰতিযোগিতাখনৰ বাবে আৰু অধিক শক্তিশালী আৰু আত্মবিশ্বাসী হৈ ঘূৰি অহা।
हिन्दुस्थान समाचार / অৰৱিন্দ