নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাঁচ বছৰৰ বাবে নেচনেল চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড-খাপলাং (এনএছচিএন- কে) আৰু ইয়াৰ সকলো ফৈদ, শাখা, সন্মুখৰ সংগঠনক অবৈধ সংগঠন হিচাপে ঘোষণা কৰিছে।
সোমবাৰে জাৰি কৰা এক অধিসূচনাত গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এন এছ চি এন (কে) ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কামত জড়িত হৈ আছে। সংগঠনটোৱে ভাৰতীয় সংঘৰ পৰা বিচ্ছিন্ন হৈ ভাৰত-ম্যানমাৰ অঞ্চলৰ নগা বসতিপ্ৰধান অঞ্চলসমূহক সামৰি এক সুকীয়া সাৰ্বভৌম নাগালেণ্ড গঢ়ি তোলাৰ লক্ষ্য ঘোষণা কৰি আন আন অবৈধ সংগঠন যেনে আলফা(স্বাধীন), প্ৰিপাক, পিএলএৰ সৈতে মিত্ৰতা কৰিছে। মুক্তিপণৰ বাবে অপহৰণ আৰু ব্যৱসায়ী, চৰকাৰী বিষয়া, আৰু অন্যান্য সাধাৰণ নাগৰিকৰ পৰা ধন দাবী কৰাত লিপ্ত হৈছে। ইয়াৰ হাতত আছে অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। ই অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সহযোগিতা লাভৰ বাবে আন দেশৰ ভাৰত বিৰোধী বাহিনীৰ পৰা সাহায্য লাভ কৰিছে।
অধিসূচনা অনুসৰি ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সংগঠনটোৰ বিৰুদ্ধে ৭১ টা গোচৰ ৰুজু হৈছে, ৮৫ জন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু ৬৯ জনেই আত্মসমৰ্পণ কৰিছে। এই সময়ছোৱাত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ, গ্ৰেনেড, বিস্ফোৰক আদি উদ্ধাৰ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ মতে নেচনেল চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড-খাপলাঙৰ অসংখ্য অবৈধ কাৰ্যকলাপৰ কথা বিবেচনা কৰিলে ইয়াৰ সকলো দল, শাখা, সন্মুখৰ সংগঠনৰ সৈতে ইয়াক ২৮ ছেপ্টেম্বৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বেআইনী ঘোষণা কৰাটো প্ৰয়োজনীয়। এই আদেশ পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ’ব।
নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰামৰ্শ মতে এই সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ মতে, যদিহে সংগঠনটো ততাতৈয়াকৈ ৰোধ কৰা নহয়, তেন্তে হয়তো পুনৰ সংগঠিত হৈ ৰাষ্ট্ৰবিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ