-জি এছ টি সংস্কাৰে উৎপাদন বৃদ্ধি আৰু চাকৰিৰ সৃষ্টি কৰিবঃ মুখ্যমন্ত্ৰী
গোৰখপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জি এছ টি সংস্কাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ দিয়া দীপাৱলী উপহাৰ বুলি অভিহিত কৰি কয় যে জি এছ টিৰ হাৰ হ্ৰাস পোৱাৰ ফলত কৰ্মসংস্থাপন বৃদ্ধিত সহায়ক হ’ব। জি এছ টি কম হ’লে সাধাৰণ গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ক্ৰয় ক্ষমতা বৃদ্ধিয়ে চাহিদা বৃদ্ধি কৰিব। চাহিদাই খৰচৰ সূচনা কৰিব, খৰচৰ ফলত উৎপাদন হ’ব, উৎপাদন বৃদ্ধিয়েও নতুন চাকৰিৰ সৃষ্টি কৰিব।
জি এছ টি সংস্কাৰ সন্দৰ্ভত জনজাগৰণ সমদল আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময়ৰ অন্তত সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
যোগীয়ে কয় যে শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশনাত সমগ্ৰ দেশতে জি এছ টিৰ হাৰ হ্ৰাস কৰা হৈছে। এয়া এতিয়ালৈকে জি এছ টি সংস্কাৰৰ সৰ্ববৃহৎ সংস্কাৰ। বহু সামগ্ৰী আৰু সেৱাৰ ওপৰত কৰ হাৰ পাঁচ শতাংশ বা শূন্যলৈ হ্ৰাস কৰা হৈছে। তেওঁ কয় যে জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত কৰ ৰেহাই দিয়াৰ বিপৰীতে অন্যান্য ঔষধৰ কৰ হাৰ পাঁচ শতাংশলৈ হ্ৰাস কৰা হৈছে। তেওঁ লগতে কয় যে কৃষকৰ বাবে জি এছ টি ৫ শতাংশ বা শূন্যলৈ হ্ৰাস কৰা হৈছে। শিক্ষা সামগ্ৰীৰ ওপৰত কৰ হাৰ বাৰৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে জি এছ টি এটা কৰ, কিন্তু ইয়াৰ সুবিধা অসংখ্য৷ জি এছ টি সংস্কাৰে অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব। ক্ৰয় ক্ষমতা বৃদ্ধিৰ লগে লগে সাধাৰণ গ্ৰাহকে আনন্দ আৰু উৎসাহেৰে উদযাপন কৰিব উৎসৱ। বজাৰখন শক্তিশালী কৰিলে খৰচ আৰু উৎপাদন বৃদ্ধি কৰি নিয়োগৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব। তেওঁ বৃহত্তৰ জনস্বাৰ্থত জি এছ টি সংস্কাৰ ৰূপায়ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কৃতজ্ঞতা জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া