অনুৰাগীৰ অপেক্ষা শেষ, অবিকা গোৰ আৰু মিলিন্দ চান্দৱানীৰ বিয়াৰ তাৰিখ নিশ্চিত
টিভি শ্ব'' বালিকা বধুত কণমানি আনন্দিৰ চৰিত্ৰত অভিনয় কৰি ঘৰুৱা নাম হৈ পৰা অবিকা গৰে আকৌ এবাৰ শিৰোনাম দখল কৰিছে, যদিও এইবাৰ ব্যক্তিগত জীৱনৰ বাবে। চলিত বৰ্ষৰ ১১ জুনত প্ৰেমিক মিলিন্দ চান্দৱানীৰ সৈতে অবিকাই বাগ্দান কৰিছিল, আৰু বৰ্তমান দুয়োজনে ৰিয়েলিট
अविका गौर, मिलिंद चांदवानी - फोटो सोर्स इंस्टाग्राम


টিভি শ্ব' বালিকা বধুত কণমানি আনন্দিৰ চৰিত্ৰত অভিনয় কৰি ঘৰুৱা নাম হৈ পৰা অবিকা গৰে আকৌ এবাৰ শিৰোনাম দখল কৰিছে, যদিও এইবাৰ ব্যক্তিগত জীৱনৰ বাবে। চলিত বৰ্ষৰ ১১ জুনত প্ৰেমিক মিলিন্দ চান্দৱানীৰ সৈতে অবিকাই বাগ্দান কৰিছিল, আৰু বৰ্তমান দুয়োজনে ৰিয়েলিটি শ্ব' পতি পাটনি ঔৰ পাংগাত অভিনয় কৰি আছে। খবৰ অনুসৰি অতি সোনকালে এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব।

২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত পতি পাটনি ঔৰ পাংগাৰ চেটত অবিকা আৰু মিলিন্দৰ বিবাহ হ'ব। অবিকাই নিজেই এই খবৰ নিশ্চিত কৰি কয় যে, মই নিজকে অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰোঁ যে মোৰ এনে এজন সংগী আছে যিয়ে মোক সদায় সমৰ্থন কৰে, মোক বুজি পায় আৰু মোক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ দুয়োটা পৰিয়াল এই ভাল খবৰটোক লৈ অত্যন্ত উৎসাহিত।

অভিনেত্ৰীগৰাকীয়ে আৰু কয়, মই ২০০৮ চনৰ পৰাই দৰ্শকৰ সৈতে আছো, আৰু তেওঁলোকৰ পৰা পোৱা মৰম আৰু আশীৰ্বাদ মোৰ বাবে অতি বিশেষ। মই বিচাৰিছিলো যে মোৰ অনুৰাগীসকল মোৰ বিয়াৰ অংশ হওক, আৰু এতিয়া সেই সপোন বাস্তৱায়িত হ'বলৈ ওলাইছে।

মন কৰিবলগীয়া যে বিগত পাঁচ বছৰ ধৰি অবিকা আৰু মিলিন্দৰ প্ৰেমৰ সম্পৰ্ক আছে, আৰু এতিয়া তেওঁলোকৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ’বলৈ ওলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande