চিৰাং জিলাত কেইবাগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে নিজৰ ভোটদান কৰে
চিৰাং, ২২ ছেপ্টেম্বৰ (হি.স.)। আজি বিটিচিৰ পঞ্চম সংখ্যক পৰিষদীয় নিৰ্বাচন । আজি পুৱাৰে পৰা ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে ৷ আজিৰ দিনটোত সাধাৰণ ভোটাৰৰ চিৰাং জিলাত কেইবাগৰাকী হাই প্ৰ
চিৰাং জিলাত কেইবাগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে নিজৰ ভোটদান কৰে


চিৰাং, ২২ ছেপ্টেম্বৰ (হি.স.)। আজি বিটিচিৰ পঞ্চম সংখ্যক পৰিষদীয় নিৰ্বাচন । আজি পুৱাৰে পৰা ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে ৷

আজিৰ দিনটোত সাধাৰণ ভোটাৰৰ চিৰাং জিলাত কেইবাগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে নিজৰ ভোটদান কৰে । তাৰে ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই ৪০৩ নং নীলিবাৰী এল পি স্কুলত পত্নীৰ সৈতে আহি ভোটাধিকাৰ সাৱস্ত কৰে ।

আনপিনে ১৩ নং পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন এনডিএফবি নেতা ছাইখং বসুমতাৰীয়ে ১০৫ নং দংশিয়াবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ এইবেলি বিটিচি নিৰ্বাচনৰ বহুচৰ্চিত সমষ্টি হৈছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি ।

কাৰণ এই ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত সন্মুখ সমৰত লিপ্ত হৈছে একালৰ দুই সংগ্ৰামী সতীৰ্থ তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰী । ইয়াৰে বিপিএফ দলৰ হৈ হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএল দলৰ হৈ খাম্পা বৰগয়াৰী ।

আজি ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰাক্তন বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৰুণীখাতাৰ ৯৪৫ নং বাশবাৰী এল পি স্কুলৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

তেখেতে এইবেলি ১০ নং দেবৰগাঁও আৰু ১৪ নং চিৰাং দুৱাৰ দুয়োটা সমষ্টিতে হাগ্ৰামা মহিলাৰীক পৰাজিত কৰি বিজয়ী হব বুলি দাবী কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande