এইবেলি বিটিচি নিৰ্বাচনৰ বহুচৰ্চিত সমষ্টি হৈছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি
চিৰাং, ২২ ছেপ্টেম্বৰ (হি.স.)। এইবেলি বিটিচি নিৰ্বাচনৰ বহুচৰ্চিত সমষ্টি হৈছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি । কাৰণ এই ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত সন্মুখ সমৰত লিপ্ত হৈছে একালৰ দুই সংগ্ৰামী সতীৰ্থ তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হ
এইবেলি বিটিচি নিৰ্বাচনৰ বহুচৰ্চিত সমষ্টি হৈছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি


চিৰাং, ২২ ছেপ্টেম্বৰ (হি.স.)। এইবেলি বিটিচি নিৰ্বাচনৰ বহুচৰ্চিত সমষ্টি হৈছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি ।

কাৰণ এই ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত সন্মুখ সমৰত লিপ্ত হৈছে একালৰ দুই সংগ্ৰামী সতীৰ্থ তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰী । ইয়াৰে বিপিএফ দলৰ হৈ হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএল দলৰ হৈ খাম্পা বৰগয়াৰী ।

আজি ইউপিপিএল দলৰ প্ৰাৰ্থী বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৰুণীখাতাৰ ৯৪৫ নং বাশবাৰী এল পি স্কুলৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁৰ জয়লাভ এশ শতাংশ নিশ্চিত বুলি দাবী কৰাৰ লগতে এইবেলি ১০ নং দেবৰগাঁও আৰু ১৪ নং চিৰাং দুৱাৰ দুয়োটা সমষ্টিতে হাগ্ৰামা মহিলাৰীক পৰাজিত কৰি বিজয়ী হব বুলিও দাবী কৰে ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফ বৰগয়াৰীয়ে।

আনহাতে চিৰাঙৰ ১৪ নং পৰিষদীয় সমষ্টিৰ ৪২ নং আশ্ৰাবাৰী এম ভি স্কুল ভোট কেন্দ্ৰত উপস্থিত হৈ বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য-আজি অনুষ্ঠিত পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠানত আবেলি এক বজালৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ২৫ খনতকৈ অধিক আসন লাভ কৰিছে। তাৰে বিপৰীতে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী বেয়াকৈ হাৰিব।

নিৰ্বাচনত কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হব পাৰে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁৰ কয় যে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰীয়ে বিপিএফ দলৰ কৰ্মী সকলৰ ওপৰত আক্ৰমণ চলাইছিল মই ইতিমধ্যে গোসাইগাঁও আৰক্ষী থানাত এই সন্দৰ্ভত জনাইছো যাতে তেওঁৰ ওপৰত নজৰ ৰাখে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande