আমেৰিকাৰ এইচ-১বি ভিছা মাচুল বৃদ্ধিৰ পিছত চীনে মুকলি কৰিলে কে-ভিছা
বেইজিং, ২২ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাই এইচ-১বি ভিছাৰ প্ৰয়োজনীয়তা আৰু মাচুল বৃদ্ধিৰ মাজতে চীনে নিজৰ নিয়ম সংশোধন কৰি নতুন “কে ভিছা কেটেগৰী” প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। আজি এই কথা ঘোষণা কৰিছে চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই। সংস্থাটোৱে কয় যে
चीन के राष्ट्रपति शी जिनपिंग (फाइल फोटो)


বেইজিং, ২২ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাই এইচ-১বি ভিছাৰ প্ৰয়োজনীয়তা আৰু মাচুল বৃদ্ধিৰ মাজতে চীনে নিজৰ নিয়ম সংশোধন কৰি নতুন “কে ভিছা কেটেগৰী” প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে।

আজি এই কথা ঘোষণা কৰিছে চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই। সংস্থাটোৱে কয় যে এই সংশোধনী ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।এই ভিছাক চীনৰ এইচ-১বিৰ সংস্কৰণ বুলি কোৱা হৈছে। ইয়াক বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ বিজ্ঞানী আৰু কাৰিকৰী প্ৰতিভাক আকৰ্ষণ কৰিবলৈ ৰচনা কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্য পৰিষদে যোৱা ৭ আগষ্টত বিদেশী প্ৰৱেশ আৰু প্ৰস্থান প্ৰশাসন বিধি সংশোধন কৰি এক নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পূৰ্বে ১২টা সাধাৰণ ভিছা শিতান আছিল, যাক জেড, এক্স, এম, আৰু কিউ বুলি জনা যায়।এতিয়া কে ভিছাক ১৩ নং শ্ৰেণী হিচাপে সংযোজন কৰা হৈছে।

সংস্থাটোৰ মতে, এই ভিছা বিশেষভাৱে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিতৰ ক্ষেত্ৰৰ যুৱ পেছাদাৰীসকলৰ বাবে। আবেদনকাৰীয়ে চীনৰ সুনামধন্য বিশ্ববিদ্যালয় বা বিদেশী প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী বা তাতকৈ অধিক ডিগ্ৰী লাভ কৰিব লাগিব। বয়স, শিক্ষাৰ পটভূমি, কৰ্ম অভিজ্ঞতাৰ নূন্যতম প্ৰয়োজনীয়তা পূৰণ হ’লে এই ভিছা প্ৰদান কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande