বেংগালুৰু (কৰ্ণাটক), ২২ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে সামাজিক আৰু শৈক্ষিক জৰীপ (জাতি লোকপিয়ল)। কেইবাটাও সম্প্ৰদায়ৰ অসন্তুষ্টি, আপত্তি, আৰু উদ্বেগৰ মাজতে ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগে ঘৰে ঘৰে ৭ কোটি লোকৰ পৰা তথ্য সংগ্ৰহ কৰিব।
জাতি লোকপিয়লৰ বাবে ১.৭৫ লাখ শিক্ষক নিয়োগ কৰি আগতীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছে। গণনাকাৰীয়ে ৬০টা প্ৰশ্নৰ জৰিয়তে সকলো তথ্য লিপিবদ্ধ কৰিব। খ্ৰীষ্টান উপজাতিৰ নামভৰ্তি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক জটিলতাৰ বাবে আয়োগে ৩৩টা খ্ৰীষ্টান উপজাতিক তালিকাৰ পৰা আঁতৰাই পেলাইছে।
অৱশ্যে লোক সকলে ইচ্ছা কৰিলে নিজৰ ধৰ্ম আৰু জাতিৰ সবিশেষ প্ৰৱেশ কৰিব পাৰে। প্ৰস্তুতি আৰু প্ৰশিক্ষণত পলম হোৱাৰ বাবে বেংগালুৰুত দুদিনৰ পৰা তিনিদিন পলমকৈ আৰম্ভ হ’ব এই সমীক্ষা। ইফালে, আজি উচ্চ ন্যায়ালয়ে জাতি লোকপিয়লক প্ৰত্যাহ্বান জনাই জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব। অখিল কৰ্ণাটক ব্ৰাহ্মণ মহাসভাই দাখিল কৰা জনস্বাৰ্থৰ মামলা বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰা হৈছে, আৰু অন্যান্য আবেদনসমূহো বিবেচনা কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া