কোকৰাঝাৰ, ২২ ছেপ্তেম্বৰ(হি.স.)। বিটিচি নিৰ্বাচনত বৰ্তমানলৈকে শান্তিপূৰ্ণভাবে ভোটদান অব্য়াহত আছে ।আজি অনুষ্ঠিত হোৱা বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ বাবে পুৱাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰম্ভ হোৱা ভোটাৰৰ ভোটদানৰ হাৰ ১১.৩০ বজাৰ পৰা বৃদ্ধি পাইছে, বৰ্তমানলৈকে ৩৩.৬৮% ভোটাৰে ভোটদান কৰিছে।
ইয়াৰ পূৰ্বে পুৱা ৯ .৩০ বজাত ভোটদানৰ হাৰ ১২.৩৪% পঞ্জীয়ন কৰা হৈছিল, কেইবাজনো ৰাজনৈতিক নেতা আৰু প্ৰাৰ্থীয়ে নিজৰ ভোটাধিকাৰ সাব্য়স্ত কৰিছিল। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে গোৱাড়ী সমষ্টিত ভোটদান কৰে।
ভোটদানৰ অন্তত তেওঁ সামাজিক মাধ্য়মত উল্লেখ কৰি জনাই কয় যে, “আজি বিটিআৰত গণতন্ত্ৰৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো ২০২৫ চনৰ ৫ম বিটিচি নিৰ্বাচনৰ বাবে ভোটদান অব্য়াহত আছে।
বিটিআৰৰ সকলো নাগৰিককে অভিলেখ সংখ্যকে ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰিবলৈ আহ্বান জনাইছো, যাতে একেলগে, আমি বিটিআৰৰ শান্তি, প্ৰগতি, আৰু সুশাসনৰ যাত্ৰা অব্যাহত ৰাখিব পাৰো।”
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ প্ৰাৰ্থীয়েও ভোটদান কৰে, দেবৰগাঁৱত লৰেন্স ইছলাৰী (কোকৰাঝাৰৰ বিধায়ক) আৰু কোকলাবাৰীত মন্তু বড়োৱে ভোটদান কৰে।
বৰ্তমান ভোটদান অব্য়াহত আছে আৰু বিয়লি ৪ বজালৈকে অব্য়াহত থাকিব, ২৬ ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰাৰ কথা।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ