কোকৰাঝাৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। সোমবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা পাঁচখন জিলাৰ ৪০খন পৰিষদৰ আসনৰ বাবে ভোটদান শান্তিপূৰ্ণভাৱে অব্যাহত আছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি দিনৰ ১:৩০ বজালৈকে ৫২.১ শতাংশ ভোটাৰৰ ভোটদানৰ হাৰ পোৱা গৈছে। ভোটাৰ সকলে পুৱাৰে পৰা শাৰী পাতি থিয় হৈ নিজৰ ভোটদান কৰিছে।
দুপৰীয়া ১:৩০ বজালৈকে জিলা ভিত্তিক ভোটাৰৰ ভোটদান
কোকৰাঝাৰ জিলাত ৫৪.২৪ শতাংশ। পৰিষদ ভিত্তিক ভোটদানৰ হাৰ - পৰ্বতঝোৰা (এছ টি) ৬১.০ শতাংশ, গুমা (মুকলি) ৪৪.৩ শতাংশ, শ্ৰীৰামপুৰ (নন-এছ টি) ৫৮.৩ শতাংশ, জামদুৱাৰ (এছ টি) ৬০.০ শতাংশ, সোৰাইবিল (এছ টি) ৫৪.৫ শতাংশ, কচুগাঁও (এছ টি) ৬০.০ শতাংশ, দোটমা (এছ টি) ৫২.৫ শতাংশ, ফকিৰাগ্ৰাম (নন-এছ টি) ৪৮.৮ শতাংশ, বেনাৰগাঁও (এছ টি) ৫৪.৩ শতাংশ, দেবৰগাঁও (এছ টি) ৫১.৭ শতাংশ, বাউখুংগ্ৰী (এছ টি) ৫৩.৩ শতাংশ, ছালাকাটি (এছ টি) ৫২.২ শতাংশ।
চিৰাং জিলাত ৫৫.২ শতাংশ ভোটৰ হাৰ। কাউন্সিল ভিত্তিক ভোটদানৰ হাৰ চিৰাং (এছ টি)ত ৫৯.৪৩ শতাংশ, চিৰাং দুৱাৰছ (এছ টি)ত ৫৫.৭৩ শতাংশ, কাজলগাঁও (এছ টি)ত ৫৭.৯৬ শতাংশ, নিকিমা (এছ টি)ত ৫৪.৮৯ শতাংশ, সোবাইঝাৰ (এছ টি)ত ৫৩.৭৬ শতাংশ, মানস চেৰফাং (এছ টি)ত ৫৬.২৬ শতাংশ, আৰু থুৰিবাৰী (অপেন)ত ৪৮.৪০ শতাংশ।
বাকছা জিলাত ভোটাৰৰ হাৰ ৪৭.১৪ শতাংশ। কাউন্সিল ভিত্তিক ভোটদানৰ হাৰ মথানগুৰি (মুকলি)ত ৪৪.১২ শতাংশ, ছালবাৰী (এছ টি)ত ৪৮.৩৪ শতাংশ, কোকলাবাৰী (এছ টি)ত ৫২.৪৮ শতাংশ, দিহিৰা (মুকলি)ত ৪৩.৮৫ শতাংশ, মুছালপুৰ (এছ টি)ত ৪৫.৩১ শতাংশ, আৰু বাগানপাৰা (এছ টি)ত ৪৮.৭১ শতাংশ।
তামুলপুৰ জিলাত ভোটাৰৰ হাৰ ৪৮.৭৮ শতাংশ। পৰিষদ ভিত্তিক ভোটদানৰ হাৰ দৰংজুলি (এছ টি)ত ৫১.২ শতাংশ, নাগাৰিজুলি (নন-এছ টি)ত ৪৩.২ শতাংশ, গোৱাৰি (এছ টি)ত ৫৩.৫ শতাংশ, সুক্লাই চেৰফাং (এছ টি)ত ৪৯.১ শতাংশ, গোৰেশ্বৰ (এছ টি)ত ৪৬.৯ শতাংশ।
উদালগুৰি জিলাত ৫১.৭৫ শতাংশ ভোটৰ হাৰ। পৰিষদ ভিত্তিক - খবীৰবাৰী (এছ টি) ৫৪.২৩ শতাংশ, ভেৰগাঁও (এছ টি) ৪৯.৬৮ শতাংশ, ননভি চেৰফাং (নন এছ টি) ৪৮.৬৯ শতাংশ, খালিং দুৱাৰ (এছ টি) ৫২.৫৩ শতাংশ, মাউদ্ৱীবাৰী (মুকলি) ৪৯.০৯ শতাংশ, হৰিশিঙা (এছ টি) ৫৫.৪৬ শতাংশ, ধ্বৱানশিৰি (এছ টি) ৫৩.১৮ শতাংশ, ভৈৰবকুণ্ড (এছ টি) ৪৮.২১ শতাংশ, পাছনৱী ছেৰফাং (নন এছ টি) ৫২.০৩ শতাংশ, ৰৌটা (এছ টি) ৫৪.৪১ শতাংশ ভোটদান হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ