নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নড্ডাই সোমবাৰে জি এছ টি সঞ্চয় উৎসৱৰ অংশ হিচাপে লাজপত নগৰৰ অমৰ কলনী বজাৰত ব্যৱসায়ী আৰু দোকানীসকলক সাক্ষাৎ কৰি সম্ভাষণ জনায়। তেওঁ দোকানীসকলৰ সৈতে জি এছ টিৰ বিষয়ে চৰ্চা কৰি থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে আহ্বান জনায়। সংবাদ মাধ্যমৰ আগত নাড্ডাই কয় যে আগন্তুক মাহটো উৎসৱমুখৰ মাহ, আৰু জি এছ টি সংস্কাৰৰ ফলত বজাৰ আৰু সঞ্চয়ৰ ঐতিহাসিক বৃদ্ধি হ’ব। এই কৰ ৰেহাইয়ে লাখ লাখ গ্ৰাহকৰ জীৱনত আমূল পৰিৱৰ্তন আনিব আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰসাৰ ঘটাব।
উৎসৱৰ শুভ উপলক্ষে জি এছ টি সঞ্চয় উৎসৱৰ ৰূপত দেশবাসীক এক অভিনৱ উপহাৰ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। বিজেপিৰ সভাপতি নড্ডাই কয়, নৱৰাত্ৰিৰ প্ৰথম দিনটোত মই অমৰ কলনীৰ দোকানী আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছিলোঁ। ব্যৱসায়ীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীৰ বাৰ্তা তেওঁলোকৰ ওচৰলৈ প্ৰেৰণ কৰিছো। দোকানীসকলে নেক্সট জেনেৰেচন জি এছ টি সংস্কাৰক আকোৱালি লৈছে।
তেওঁ ব্যৱসায়ীসকলক জি এছ টি সংস্কাৰ যাতে দেশৰ গ্ৰাহকৰ মাজলৈ যায় তাৰ বাবে আহ্বান জনায় আৰু তেওঁলোকৰ দোকানত থলুৱা সামগ্ৰীৰ বিক্ৰীৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনায়। দোকানীসকলে এই জি এছ টি সংস্কাৰসমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ