অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বাদল চৌধুৰীৰ দেহাবসান
বৰপেটা, ২২ ছেপ্টেম্বৰ (হি.স.)। অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বাদল চৌধুৰীৰ দেহাবসান। বৰপেটা চহৰৰ নহাটী নিবাসী বাদল চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাথো ৬৮ বছৰ। বাদল চৌধুৰীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ সহ আত্মীয় চজনক ইহ সংঘাৰত এৰি
অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বাদল চৌধুৰীৰ দেহাবসান


বৰপেটা, ২২ ছেপ্টেম্বৰ (হি.স.)। অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বাদল চৌধুৰীৰ দেহাবসান। বৰপেটা চহৰৰ নহাটী নিবাসী বাদল চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাথো ৬৮ বছৰ।

বাদল চৌধুৰীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ সহ আত্মীয় চজনক ইহ সংঘাৰত এৰি থৈ যায়। অসম নাট্য সন্মিলনৰ বঁটা প্রাপক বাদল চৌধুৰীয়ে অমৰ পাঠক পৰিচালিত 'সংগ্রাম', 'সন্তান ' আৰু ৰনজিৎ শৰ্মাই পৰিচালনা কৰা ৩১ জুন নামৰ কথাছবিত অভিনয় কৰিছিল। অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বাদল চৌধুৰীয়ে ৰচনা কৰা বন্দী মাছৰ গদ্য তেখেতৰ এখন উল্লেখযোগ্য নাট ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande