জি এছ টি সংস্কাৰে সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছেঃ বিজেপি
নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি স)। আজি সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটি। শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে নতুন জি এছ টি হাৰক মহা সঞ্চয় মহোৎসৱ বুলি অভিহিত কৰি কয় যে এই সংস্কাৰসমূহে সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছে। সোমবাৰে বিজে
अश्विनी वैष्णव, केंद्रीय मंत्री


নতুন দিল্লী, ২২ ছেপ্টেম্বৰ (হি স)। আজি সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটি। শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে নতুন জি এছ টি হাৰক মহা সঞ্চয় মহোৎসৱ বুলি অভিহিত কৰি কয় যে এই সংস্কাৰসমূহে সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছে।

সোমবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলযোগে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আজিৰে পৰা আৰম্ভ হৈছে এক “বৃহৎ সঞ্চয় উৎসৱ”। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জি এছ টি সংস্কাৰৰ সিদ্ধান্ত আজি কাৰ্যকৰী হৈছে। ইয়াৰ ফলত ৰাইজৰ মাজত সুখৰ জোৱাৰৰ সৃষ্টি হৈছে। ইয়াৰ ফলত দৈনন্দিন ব্যৱহাৰৰ প্ৰায় প্ৰতিটো বস্তু সস্তা হ’ব।

কংগ্ৰেছক সমালোচনা কৰি বৈষ্ণৱে কয় যে দেশৰ চুকে-কোণে খবৰ আহিছে যে জি এছ টি সংস্কাৰত মানুহ সুখী, কিন্তু আমাৰ বিৰোধী মিত্ৰসকল এই সঞ্চয়ক লৈ অসন্তুষ্ট। স্বাভাৱিকতে তেওঁলোকৰ কাৰ্যকালত কেৱল কথা-বতৰাহে হৈছিল আৰু কোনো কাম-কাজ নাছিল। ইউ পি এৰ দিনত চিমেণ্টৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰা হৈছিল, আনহাতে এন ডি এৰ দিনত ১৮ শতাংশ। ইউ পি এৰ যুগত চেনিটেৰী পেডত ১৩ শতাংশ কৰ আৰোপ কৰা হৈছিল, যিটো এতিয়া শূন্যলৈ হ্ৰাস কৰা হৈছে।

তেওঁ কয় যে ইউ পি এৰ যুগত জোতাৰ ওপৰত ১৮ শতাংশ কৰ আৰোপ কৰা হৈছিল, যিটো এতিয়া ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইউ পি এৰ যুগত ফ্ৰীজৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰা হৈছিল, যিটো এতিয়া ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইউ পি এৰ যুগত ডিটাৰজেন্টৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰা হৈছিল, যিটো এতিয়া ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। বৰ্তমান আমাৰ জিডিপি ₹৩৩০ লাখ কোটি, আৰু আমাৰ খৰচৰ হিচাপ ₹২০২ লাখ কোটি। এই খৰচ ২০২৩–২৪ বিত্তীয় বৰ্ষত আছিল ১৮১ লাখ কোটি ₹। ১৮১ লাখ কোটি ₹ৰ পৰা ২০২ লাখ কোটিলৈ এই বৃদ্ধিয়ে প্ৰায় ১২ শতাংশ বৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে। জি এছ টি সংস্কাৰৰ ফলত খৰচ ইমানেই বৃদ্ধি পাব যে জিডিপি প্ৰায় ২০ লাখ কোটি ₹ বৃদ্ধি পাব।

বৈষ্ণৱে কয় যে জি এছ টি সংস্কাৰেও কৃষকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে সবকা সাথ, সবকা বিকাশ মন্ত্ৰ। চৰকাৰে নিজৰ সুবিধা যাতে জনসাধাৰণৰ মাজলৈ যায় তাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande