২০২৫ চনৰ ২১ ছেপ্টেম্বৰত অভিনেতা কৰীণা কাপুৰ খানৰ ৪৫ সংখ্যক জন্মদিন। অভিনেতা কৰিশ্মা কাপুৰ, সোহা আলী খান আৰু নীতু কাপুৰে ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰিছে উষ্ম শুভেচ্ছা।
কৰীণাৰ জ্যেষ্ঠ ভগ্নী কৰিশ্মাই, ইনষ্টাগ্ৰামত এটা আন্তৰিক পোষ্ট শ্বেয়াৰ কৰি তেওঁক “বেষ্ট চিষ্টাৰ” বুলি অভিহিত কৰে। তেখেতে কেপচনত লিখিছে, বেষ্ট চিষ্টাৰ, বেষ্ট ফ্ৰেণ্ডছ এণ্ড বিয়ণ্ড...হেপি বাৰ্থডে টু মাই মষ্ট প্ৰিচিয়াছ চিষ্টাৰ...লাভ ইউ মষ্টেষ্ট...(sic)।
সোহাই ইনষ্টাগ্ৰামত ভনীয়েকৰ সৈতে ধাৰাবাহিক ছবি আৰু এটা মজাৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, আপোনাৰ জন্মদিনত - মোৰ ভিতৰৰ বেবোক চেনেল কৰিবলৈ চেষ্টা কৰিছো...লাভ ইউ! @kareenakapoorkhan happy birthday to the ultimate glam queen and our forever inspiration! (sic) প্ৰথম ভিডিঅ'টোত তেওঁক লিপষ্টিক পিন্ধি থকাৰ সময়ত কৰীণাক অনুকৰণ কৰা দেখা গৈছে। পৰৱৰ্তী দুখন স্লাইডত এই যুটিয়ে একেলগে কথা-বতৰা আৰু পোজ দিয়া দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া