হোজাই, ২২ ছেপ্টেম্বৰ (হি.স.)। লংকাৰ কাকীত জুবিন প্ৰেমী এজন যুৱকৰ জুবিনৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি। দিনে নিশাই জুবিন গাৰ্গৰ ১১ ফুট এটা পুৰ্ণাংগ মুৰ্তি নিৰ্মানত ব্যস্থ।।ৰাজ্য চাৰিটা স্থানত নিজ হাতেৰে আৰু নিজৰ খৰচেৰে নিৰ্মাণ কৰিব প্ৰিয় শিল্পী গৰাকীৰ মুৰ্তি।
২ নং কাকী চাৰিআলিত প্ৰথম টো মুৰ্তি নিৰ্মানত ব্যস্ত যজ্ঞজ্যোতি বৰা নামৰ যুৱ শিল্পী জন। চাৰি বা সাতদিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব প্ৰথমটো মুৰ্তি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা