চৰাইদেউ, ২২ ছেপ্টেম্বৰ (হি.স.)। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ শোকত সমগ্ৰ ৰাজ্যবাসী মৰ্মাহত হৈ থকাৰ সময়তে সোণাৰিত একাংশ সমাজ বিৰোধী লোকে গো-মাংসৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
সোণাৰি ভবানীপুৰৰ আজিমূল আলি নামৰ এজন সমাজ বিৰোধী লোকে গো-মাংস কাটি থকাৰ কথা জানিব পাৰি সোণাৰি আৰক্ষীয়ে অভিযান চলাই যদিও আৰক্ষীৰ উমান পায় পলায়ন কৰে অভিযুক্ত লোকজনে। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ দৰে ঠাইত গো-মাংস কাটি সামাজিক বাতাবৰণ কলুষিত কৰিব বিচৰা কাৰ্যত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ইফালে আৰক্ষীৰ অভিযানত আজিমূল নামৰ লোকজনে পলায়ন কৰে যদিও এই কাৰ্যত জড়িত তিনি গৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে। মন কৰিবলগীয়া যে অবৈধ নিচাজাতীয় সামগ্ৰী ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে এই পৰিয়ালটোৰ বিৰুদ্ধে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা